অসম

assam

Kgf actor death: সকলোকে কন্দুৱাই কোনোবা অজান দেশলৈ গ’লগৈ কৌতুক অভিনেতা মোহন জুনেজা

By

Published : May 7, 2022, 2:13 PM IST

দক্ষিণৰ তাৰকা যশ অভিনীত কেজিএফৰ দুয়োটা সংস্কৰণতে অভিনয় কৰা দিগ্বজ অভিনেতা মোহন জুনেজাৰ মৃত্যু ঘটিছে (Kgf actor died)৷ দীৰ্ঘদিন ধৰি তেওঁ বেমাৰৰ সৈতে যুঁজি আছিল ৷

Actor mohan juneja
কৌতুক অভিনেতা মোহন জুনেজা

চিটাৰা ডেস্ক, 7 মে’:চলচ্চিত্ৰ জগতলৈ দুঃখবৰ ৷ দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ বিশিষ্ট অভিনেতা মোহন জুনেজাৰ শাৰিৰীক অসুস্থতাৰ বাবে মৃত্যু হৈছে (Kgf actor death) । শনিবাৰে পুৱতি নিশা মৃত্যু হয় অভিনেতাজন ৷ ব্লক বাষ্টাৰ ছবি 'কেজিএফ'ৰ দুয়োটা সংস্কৰণতে অভিনয় কৰিছিল অভিনেতাজনে (Kgf supporting cast) ।

মোহন জুনেজা দীৰ্ঘদিন ধৰি অসুস্থ হৈ আছিল । তেওঁ বেংগালুৰুৰ এখন ব্যক্তিগত চিকিৎসালয়ত চিকিৎসাধীন হৈ আছিল । কেজিএফ-চেপ্তাৰ২ চলচ্চিত্ৰত তেওঁক শেষবাৰৰ বাবে দেখা গৈছিল ।

মোহনে এটা দশক ধৰি বহুতো চলচ্চিত্ৰত সহঅভিনেতাৰ চৰিত্ৰত অভিনয় কৰিছিল । তামিল, তেলেগু, মালায়ালম আৰু হিন্দী ভাষাত ১০০ খনতকৈও অধিক চলচ্চিত্ৰত অভিনয় কৰিছিল তেওঁ (Kgf supporting cast name) । অভিনেতাজন তেওঁৰ অভিনয়ৰ শৈলীৰ বাবে জনাজাত ৷

মোহন জুনেজা তেওঁৰ অন্যতম চৰিত্ৰ চেল্লাটাৰ বাবে জনাজাত । এই চৰিত্ৰটো তেওঁৰ কেৰিয়াৰৰ প্ৰথম আৰু ডাঙৰ ব্ৰেক আছিল বুলি ক’ব পাৰি । ইয়াৰ উপৰিও জনপ্ৰিয় অভিনেতা মোহনক টিভি ধাৰাবাহিক ভিটাৰাকে ধৰি আৰু আন বহুতো টিভি ধাৰাবাহিকত দেখা গৈছিল ।

মোহনৰ অভিনয়ত দৰ্শকে জীৱন বিচাৰি পাইছিল ৷ এতিয়া অভিনেতাজনৰ মৃত্যুৰ খবৰে চলচ্চিত্ৰ উদ্যোগ আৰু তেওঁৰ অনুৰাগীসকল শোকাকুল কৰি তুলিছে ।

কৰ্ণাটকৰ টুমকুৰৰ বাসিন্দা আছিল মোহন জুনেজা । আজি অন্ত্যেষ্টিক্ৰিয়া কৰা হ’ব অভিনেতাজনৰ ৷

লগতে পঢ়ক:KGF 2 records: হিন্দী ছবিজগতত দ্বিতীয় সৰ্বাধিক উপাৰ্জনকাৰী ছবিৰ ৰূপত কেজিএফ-চেপ্তাৰ 2

ABOUT THE AUTHOR

...view details