অসম

assam

KGF 2 records: হিন্দী ছবিজগতত দ্বিতীয় সৰ্বাধিক উপাৰ্জনকাৰী ছবিৰ ৰূপত কেজিএফ-চেপ্তাৰ 2

By

Published : May 6, 2022, 4:52 PM IST

কেজিএফ-২'য়ে আমিৰ খানৰ 'দঙ্গল'ক অতিক্ৰম কৰি হিন্দী চলচ্চিত্ৰৰ দ্বিতীয় সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হৈছে (KGF 2 records) । জানো আহক ছবিখনৰ সৰ্বাধিক উপাৰ্জন-

KGF 2
দ্বিতীয় সৰ্বাধিক উপাৰ্জনকাৰী ছবি হিচাপে পৰিগণিত হৈছে কেজিএফ-চেপ্তাৰ2

চিটাৰা ডেস্ক, 6মে’ : দক্ষিণৰ চুপাৰষ্টাৰ যশৰ ছবি 'কেজিএফ: চেপ্টাৰ ২'য়ে বক্স অফিচত বিপুল সফলতা লাভ কৰিবলৈ সক্ষম হৈছে । ছবিখনে ১৪ এপ্ৰিলত মুক্তি লাভ কৰিছিল । মুক্তিৰ দিনাৰ পৰাই অধিক মাত্ৰাত উপাৰ্জন কৰি আহিছে চলচ্চিত্ৰখনে (KGF 2 box office collection) ৷

প্ৰশান্ত নীলৰ পৰিচালিত 'কেজিএফ-২'য়ে গঢ়িছে এটা নতুন অভিলেখ (KGF 2 records)। বাণিজ্য বিশ্লেষকসকলৰ মতে, 'কেজিএফ ২' হিন্দী চলচ্চিত্ৰৰ দ্বিতীয় সৰ্বাধিক উপাৰ্জনকাৰী ছবি হৈ পৰিছে । এই যুঁজত ছবিখনে বলীউডৰ চুপাৰষ্টাৰ আমিৰ খানৰ 'দঙ্গল'ক অতিক্ৰম কৰিছে ।

বাণিজ্য বিশ্লেষক তৰণ আদৰ্শই প্ৰকাশ কৰিছে যে 'কেজিএফ ২'য়ে বক্স অফিচত উপাৰ্জনৰ ক্ষেত্ৰত আমিৰ খান অভিনীত ব্লকবাষ্টাৰ ছবি 'দঙ্গল' আৰু এছ এছ ৰাজামৌলীৰ শেহতীয়া মুক্তিপ্ৰাপ্ত 'আৰআৰআৰ'ক অতিক্ৰম কৰিছে ।

হিন্দী সংস্কৰণত চলচ্চিত্ৰখনৰ উপাৰ্জন

'বাহুবলী 2'য়ে হিন্দী সংস্কৰণত মুঠ 510.99 কোটি টকা উপাৰ্জন কৰিছিল ৷ আনহাতে 'আৰআৰআৰ'য়ে 360.31 কোটি টকা উপাৰ্জন কৰিবলৈ সক্ষম হৈছিল । শেহতীয়াকৈ তাৰকা যশৰ ছবি 'কেজিএফ 2'য়ে হিন্দী সংস্কৰণত 391.65 কোটি টকা উপাৰ্জন কৰিছে । 'বাহুবলী-2' বোলছবিখন হিন্দী সংস্কৰণৰ উপাৰ্জনৰ তালিকাত শীৰ্ষ স্থানত আছে ।

বিশ্বব্যাপী কেজিএফ-2 সংগ্ৰহ

এই চলচ্চিত্ৰসমূহৰ বিশ্বব্যাপী সংগ্ৰহত 'দঙ্গল' শীৰ্ষস্থানত আছে । 'দঙ্গল' বোলছবিখনে বিশ্বব্যাপী সংগ্ৰহ কৰিছিল ২০০০ কোটি টকা । চীনত যথেষ্ট উপাৰ্জন কৰিছিল এই বোলছবিখনে । আনহাতে 'বাহুবলী 2' য়ে 1800 কোটি, 'আৰআৰআৰ' য়ে 1112 কোটি আৰু 'কেজিএফ 2' য়ে বিশ্বব্যাপী 1086 কোটি টকা উপাৰ্জন কৰিছে ।

অ'টিটি প্লেটফৰ্মত কিমান টকাত বিক্ৰী হৈছে কেজিএফ 2 ?

যশৰ অনুৰাগীসকলৰ বাবে আন এটা ভাল খবৰ (KGF 2 cast) । 'কেজিএফ ২' বোলছবিখন অতি সোনকালেই অ'টিটি প্লেটফৰ্মত দেখিবলৈ পোৱা যাব । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি 'কেজিএফ২'য়ে অ'টিটি প্লেটফৰ্মৰ বাবে ৩২০ কোটি টকাৰ চুক্তি লাভ কৰিছে (KGF 2 OTT)। অ'টিটিত, ছবিখন ২৭ মে'ত কানাড়া, তামিল, তেলেগু, হিন্দী আৰু মালায়ালমত মুক্তি লাভ কৰিব ।

লগতে পঢ়ক:ফাতিমা চানা শ্বেখৰ শেহতীয়া লুকে লগাইছে তোলপাৰ...চাওক ফটো

ABOUT THE AUTHOR

...view details