চিটাৰা ডেস্ক, 9 মে’: সোমবাৰে পশ্চিমবংগৰ তৃণমূল কংগ্ৰেছ চৰকাৰে ‘দ্য কেৰালা ষ্ট’ৰী’ ছবিখন নিষিদ্ধ কৰিছে (The Kerala Story) ৷ পশ্চিমবংগত ছবিখন নিষিদ্ধ কৰাৰ এদিন পিচতে ছবি নিৰ্মাতা সুদীপ্ত সেনে এই সিদ্ধান্ত “ৰাজনৈতিকভাৱে প্ৰেৰিত” বুলি অভিহিত কৰে ৷ লগতে পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ছবিখন চাবলৈ আহ্বান জনায় আৰু ছবিখন চাই পিচত হে সিদ্ধান্ত ল’বলৈ আহ্বান জনায় (The Kerala Story news)।
সুদীপ্ত সেনে এটা সংবাদ সংস্থাক কয় যে, মমতা বেনাৰ্জীয়ে ছবিখন নেদেখাকৈ নিষিদ্ধ কৰাটো অতি দুৰ্ভাগ্যজনক’। সুদীপ্ত সেনে কয়, ‘ছবিখনৰ বাবে ৰাজ্যত এটাও অপ্ৰীতিকৰ ঘটনা সংঘটিত হোৱা নাই (Kerala Story director Sudipto Sen)। এই ছবিখন নিষিদ্ধ কৰাৰ সিদ্ধান্ত ৰাজনৈতিক উদ্দেশ্যপ্ৰণোদিত । মই তেওঁলোকক ছবিখন চাবলৈ আৰু তাৰ পিচত সিদ্ধান্ত ল’বলৈ অনুৰোধ জনাইছো ।" তেওঁ কয় যে যোৱা চাৰিদিন ধৰি পশ্চিম বংগত ছবিখনে বহুত ভাল কাম কৰি আছিল আৰু হাউচফুল আছিল ছবিগৃহ (Kerala story ban in West bengal)।
‘দ্য কেৰালা ষ্ট’ৰী’ৰ পৰিচালকে কয়,"মমতা দিদিয়ে নিষিদ্ধ কৰাৰ সিদ্ধান্ত লোৱাৰ পিচত মাজভাগত ছবিগৃহত প্ৰদৰ্শন বন্ধ কৰি দিছিল একাংশ লোকে । মই কোনো ৰাজনীতিবিদ নহয়, মই এজন চলচ্চিত্ৰ নিৰ্মাতা । মই মাত্ৰ এখন ছবি বনাব পাৰো, চাব বিচাৰে বা নিবিচাৰে । সেই সিদ্ধান্ত মানুহে ল’ব । চাৰিদিন কলকাতাত ছবিখন মুক্তি লাভ কৰোতে কোনো সমস্যা নাছিল, হঠাৎ দিদিয়ে অনুভৱ কৰিলে যে আইন-শৃংখলাৰ সমস্যা হ’ব পাৰে ।"
তেওঁ লগতে কয়, "মহুৱা মৈত্ৰ, মমতা বেনাৰ্জী, তেওঁলোক বাক স্বাধীনতাৰ চেম্পিয়ন, মানৱ অধিকাৰৰ চেম্পিয়ন, যেতিয়া পদ্মৱাত ছবি নিষিদ্ধ হৈছিল, মমতা বেনাৰ্জী আছিল ছবিখনৰ সমৰ্থন কৰা প্ৰথম ৰাজনৈতিক নেত্ৰী । কিন্তু নাজানো কি সমস্যা হৈছে । মোৰ ছবিখনক লৈ তেওঁ ভাবিলে যে আইন-শৃংখলাৰ সমস্যা আছে ।"