গুৱাহাটী, ২৮ এপ্ৰিল: শেহতীয়াকৈ ছবিগৃহত মুক্তি লাভ কৰিছিল অভিনেতা-পৰিচালক কেনী বসুমতাৰীৰ ছবি ‘লোকেল উৎপাত’ (Kenny Basumatarys Assamese film local Utpaat) ৷ ছবিখনে বক্স অফিচত লাভ কৰিছিল বৃহৎ সফলতা ৷ বক্স অফিচত এই ছবিখনৰ সফলতাৰ পাচতে শুকুৰবাৰে শুভ মুক্তি লাভ কৰিছে কেনী বসুমতাৰীৰ আন এখন অসমীয়া ছবি ‘কি কোৱা, দোস্তি’য়ে ।
গুৱাহাটী, তেজপুৰ, যোৰহাট, নগাঁও, ডিব্ৰুগড়, তিনিচুকীয়া, শিৱসাগৰ, ৰঙিয়া, মৰিগাঁও, দুধনৈ, ধুবুৰী, পাঠশালা, মাৰ্ঘেৰিটা, বৰপেটা, ডুমডুমা, সোণাৰী, মৰাণ, মঙলদৈ, লক্ষীমপুৰ, বিশ্বনাথ চাৰিআলি, বিহপুৰীয়া আৰু ছয়গাঁৱকে ধৰি ৰাজ্যৰ প্ৰায় ৫০ টা ছবিগৃহত শুভমুক্তি লাভ কৰিছে ছবিখনে (Ki Kowa Dosti released in Cinema hall) ।
উল্লেখ্য যে, ‘কি কোৱা, দোস্তি’ ছবিখন মূলতঃ ভাড়াঘৰৰ কাহিনীৰ ওপৰত নিৰ্মিত (Kenny Basumatarys Assamese film)। ছবিখনত ভাড়াঘৰত থকা চাৰিজন যুৱক আৰু তিনিগৰাকী যুৱতীৰ মাজত সংঘটিত কেতবোৰ দুঃসাহসিক ঘটনা উপস্থাপন কৰা হৈছে ৷ মুক্তিৰ পূৰ্বেই যথেষ্ট চৰ্চা লাভ কৰা এই ছবিখনক ৰাইজে আদৰি ল’ব বুলি আশাবাদী পৰিচালক কেনী বসুমতাৰী ।