অসম

assam

ETV Bharat / entertainment

KBC 14, জয়া বচ্চনৰ প্ৰশ্নত কেবিচিৰ মঞ্চতে উচুপি উঠিল বিগবি - Jaya Bachchan question leaves Big B teary eyed

Kaun Banega Crorepati 14-ৰ শেহতীয়া প্ৰম’ত দেখুওৱা হৈছে যে কথোপকথনৰ সময়ত জয়া বচ্চনে শ্ব’টোত এনে এটা প্ৰশ্ন সোধে যিয়ে অমিতাভ বচ্চনৰ চকুলো বোৱাই আনিছিল আৰু তেওঁক টিচু পেপা ৰএখনেৰে চকুপানী মচি থকা দেখা গৈছে ।

KBC 14
মঞ্চতে উচুপি উঠিল বিগবি

By

Published : Oct 10, 2022, 2:03 PM IST

চিটাৰা ডেস্ক, 10 অক্টোবৰ : 11 অক্টোবৰত বলীউডৰ মেগাষ্টাৰ অমিতাভ বচ্চনে 80 বছৰ সম্পূৰ্ণ কৰাৰ সময়তে কৌন বনেগা কৰোড়পতি 14 ৰ জন্মদিনৰ বিশেষ খণ্ডটোত তেওঁৰ পত্নী জয়া বচ্চন আৰু পুত্ৰ অভিষেক বচ্চনে অনুষ্ঠানটোৰ শোভা বঢ়োৱা দেখিবলৈ পোৱা যাব (KBC Amitabh Bachchan birthday special episode) । মাতৃ-পুত্ৰৰ যুটিয়ে ল’ব হট-চিট ।

দুয়োজনে আয়োজকৰ সৈতে কিছুমান আকৰ্ষণীয় কথা-বতৰা পাতি অতীতৰ কেইটামান মুহূৰ্তৰ কথা মনত পেলোৱা দেখা যাব । অভিষেকৰ প্ৰৱেশৰ জৰিয়তে শ্ব'টো আৰম্ভ হ'ব আৰু পিছলৈ হট-চিট লোৱাৰ পিছত তেওঁ জয়াক আদৰণি জনাই ক'ব, "ৰিষ্টে মে জো হমাৰী মা লাগতি হে" ৷ ইয়াৰ পিছতে বগা ৰঙৰ এম্ব্ৰয়ডাৰী কৰা চুট পিন্ধি শ্ব’টোত প্ৰৱেশ কৰিব জয়া বচ্চনে । দুয়োৱে ইজনে সিজনক সাৱটি ধৰি সম্ভাষণ জনাই আৰু বিগবিও সেই মুহূৰ্তটোত আৱেগিক হৈ পৰিব ।

শেহতীয়া প্ৰম'টোত, এইটো দেখুওৱা হৈছে যে কথোপকথনৰ সময়ত জয়াই কিবা এটা কয় যি শুনি অমিতাভে চকুলো টুকে আৰু টিচু পেপাৰেৰে চকুপানী মচি থাকে ৷

বিগবিৰ জন্মদিনৰ বিশেষ খণ্ডত জয়া বচ্চনে তেওঁৰ স্বামীক সুধিব, "যদি টাইম মেচিন থাকিলহেঁতেন, আপুনি কোন বছৰলৈ উভতি যাব বিচাৰিব আৰু কিয়?" যাৰ উত্তৰত বিগবিয়ে কয়, "মই ঘূৰি যাব বিচাৰো..." প্ৰ'ম'টোত তাৰ পিছত এলাহাবাদৰ বচ্চনৰ পৈতৃক ঘৰটো দেখুওৱা হয়, য'ত তেওঁ তেওঁৰ শৈশৱ অতিবাহিত কৰিছিল । অভিনেতাজনে তেওঁৰ শৈশৱৰ দিনবোৰ মনত পেলাই আৱেগিক হৈ পৰে আৰু চকুলো টুকে ।

বিগবিৰ জন্মদিন বিশেষ খণ্ডৰ আন এটা প্ৰম'ত, বিগবিক প্ৰতিযোগীসকলক প্ৰশ্ন সোধা দেখা যায় আৰু হুটাৰৰ (hooter) শব্দত আচৰিত হৈ পৰা দেখা যায় । তেওঁ এইদৰে কয়, "বহত জলদী খতম কৰ দিয়া খেল কো" ৷ তাৰ পিছত তেওঁৰ জনপ্ৰিয় গান কভী কভী মেৰে দিল মে খ্যায়াল আতা হে বেকগ্ৰাউণ্ডত বাজি উঠে আৰু অভিষেক বচ্চনক প্ৰৱেশ কৰে আৰু আলিঙ্গন কৰে । আৱেগিক হৈ পৰে বচ্চন চাহাব ।

লগতে পঢ়ক :Rekha Birthday Special, 60 খন ছবিৰ পিছতহে অভিনয়ৰ প্ৰেমত পৰিছিল ৰেখা

ABOUT THE AUTHOR

...view details