চিটাৰা ডেস্ক, ২১ আগষ্ট: সম্প্ৰতি ছ’চিয়েল মিডিয়াত চৰ্চা চলিছে ছুপাৰষ্টাৰ ছলমান খান আৰু অভিনেত্ৰী কেটৰিনা কাইফৰ বহু প্ৰত্যাশিত ছবি টাইগাৰ ৩ কলৈ ৷ অনুৰাগীয়ে এই ছবিখনৰ বাবে অতি আগ্ৰহেৰে অপেক্ষা কৰি আছে ৷ এতিয়া কেটৰিনা কাইফ আৰু ছলমান খানেও টাইগাৰ ৩ ৰ মুক্তিৰ বাবে সাজু হৈছে । এই বছৰৰ এক্সন থ্ৰিলাৰ ছবিখন মুক্তি পাবলৈ সাজু হোৱাৰ বিপৰীতে অভিনেত্ৰীগৰাকীয়ে এটা গীতৰ শ্বুটিং কৰা ভিডিঅ’ ইণ্টাৰনেটত প্ৰকাশ পাইছে আৰু অতি কম সময়ৰ ভিতৰতে এই ভিডিঅ’টো ভাইৰেল হৈ পৰে ৷
ছ’চিয়েল মিডিয়াত ভাইৰেল হোৱা এই ভিডিঅ’টোত কেটৰিনাই কোৰিঅ’গ্ৰাফাৰে দেখুওৱাৰ দৰে নিজৰ নৃত্যৰ আখৰা কৰা দেখা গৈছে । ভিডিঅ’টোত দেখা গৈছে কেটৰিনাক বেক ডান্সাৰে ঘেৰি ধৰিছে । আন এটা ভিডিঅ’ত কেটৰিনাক অষ্ট্ৰিয়াত একচন দৃশ্যৰ শ্বুটিং কৰা দেখা গৈছে। ভিডিঅ’ ভাইৰেল হোৱাৰ লগে লগে অনুৰাগীয়ে কমেণ্ট ছেকচনত প্ৰকাশ কৰে নিজৰ মন্তব্য ৷ এজন অনুৰাগীয়ে কয়, "কেটৰ দৰে কোনেও কৰিব নোৱাৰে ! তাই ডান্স নাম্বাৰৰ ৰাণী !" আন এজনে লিখিছে, "এই ছবিখনৰ বাবে মই বহুত এক্সছাইটেড ৷" আন এজনে লিখিছে, "তাইৰ পৰ্দাত উপস্থিতি আচৰিত ধৰণৰ হ’ব !"