অসম

assam

ETV Bharat / entertainment

Katrina kaif family: মাতৃৰ 70 সংখ্যক জন্মদিন উদযাপন কৰিলে কেটৰিণা কাইফে - কেটৰিণা কাইফৰ মাতৃৰ নাম

বলীউডৰ 'বাৰ্বি ডল' কেটৰিণা কাইফে ৫ মে'ত তেওঁৰ মাতৃৰ ৭০ সংখ্যক জন্মদিন উদযাপন কৰে (Katrina kaif family) । জন্মদিন উদযাপনৰ কিছু ফটো ছ’চিয়েল মিডিয়াত অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰিছে অভিনেত্ৰী গৰাকীয়ে ।

Katrina kaif  family
কেটৰিণা কাইফে উদযাপন কৰিলে মাতৃৰ 70 তম জন্মদিন

By

Published : May 5, 2022, 5:34 PM IST

চিটাৰা ডেস্ক, 5 মে’: বলীউডৰ 'বাৰ্বি ডল' কেটৰিণা কাইফে ৫ মে'ত মাতৃ চুচানৰ ৭০ সংখ্যক জন্মদিন উদযাপন কৰে । কেটৰিনাই ছ’চিয়েল মিডিয়াত অনুৰাগীসকলৰ সৈতে ইয়াৰ কিছু মূহুৰ্ত শ্বেয়াৰ কৰিছে । পৰিয়ালৰ ছগৰাকী ভগ্নীৰ সৈতে দেখা গৈছে কেটৰিণাক (Katrina kaif family) ।

কেটৰিণা কাইফে উদযাপন কৰিলে মাতৃৰ 70 তম জন্মদিন

বৃহস্পতিবাৰে ইনষ্টাগ্ৰাম একাউণ্টত কেটৰিণা কাইফে মাতৃৰ জন্মদিন উদযাপনৰ ফটো অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰে ৷ পৰিয়ালৰ লোকৰ উপস্থিতিত সকলোৱে আনন্দৰে উদযাপন কৰিলে এই সুখৰ মূহুৰ্ত । এই ফটোবোৰ শ্বেয়াৰ কৰি কেটৰিণা কাইফে তেওঁৰ মাকক জন্মদিনৰ শুভেচ্ছা জনাই লিখে, "৭০ সংখ্যক জন্মদিনৰ শুভেচ্ছা মা, আপুনি সদায় সাহসী আৰু সুখৰ জীৱন যাপন কৰক, আপোনাৰ চাৰিওফালে থকা শিশুসকলৰ কোলাহলৰ মাজত" (Katrina kaif latest insta post) ৷

কেটৰিণা কাইফে উদযাপন কৰিলে মাতৃৰ 70 তম জন্মদিন

অভিনেতা বিকি কৌশলৰে সৈতে বিবাহ পাশত আৱদ্ধ হোৱাৰ পিছৰে পৰাই নিজৰ পৰিয়ালৰ সৈতে কটোৱা সময়বোৰ কেটৰিণা কাইফে অনুৰাগীসকলৰ সৈতে শ্বেয়াৰ কৰি আহিছে (Katrina kaif marriage date)। কেটৰিণাই অনুৰাগীসকলৰ সৈতে তাইৰ মধুচন্দ্রিকাৰ ফটোও শ্বেয়াৰ কৰিছিল । কেটৰিণা আৰু বিকিয়ে সময়ে সময়ে অনুৰাগীসকলক তেওঁলোকৰ ফটোৰে ট্ৰিট দি থাকে ।

ভগ্নীৰ সৈতে কেটৰিণা

কেটৰিণা কাইফে জন্মদিনৰ পৰা শ্বেয়াৰ কৰা ফটোখনত গোটেই পৰিয়ালটোক হাঁহি থকা দেখা গৈছে । বিকিৰে সৈতে 2021 বৰ্ষৰ 9 ডিচেম্বৰত বিয়াত বহিছিল কেটৰিণা (Vicky Kaushal Katrina) ৷ স্বামী বিকি কৌশলৰ সৈতে গোপন স্থানত তেওঁলোকৰ মধুচন্দ্রিকা উপভোগৰ ফটোও আপলোড দিছিল কেটৰিণাই ।

সপৰিয়ালে কেটৰিণা

এই ছবিখনত কেটৰিণা কাইফক সৰু ভনীয়েকৰ সৈতে দেখা গৈছে । ইয়াৰ আগতে, কেটৰিণাই নীলা বিকিনিৰ ছবিৰে অনুৰাগীসকলৰ হৃদয়ত তোলপাৰ লগাইছিল । কেটৰিণাৰ অনুৰাগীসকলে এই ছবিবোৰ যথেষ্ট পছন্দ কৰিছিল ৷

লগতে পঢ়ক:জন্মদিনত স্মৰণ ভজন সম্ৰাট গুলচন কুমাৰক

ABOUT THE AUTHOR

...view details