চিটাৰা ডেস্ক, 29 অক্টোবৰ : চুপাৰষ্টাৰ ছলমান খানক বিগ বছ 16 ৰ আহিবলগীয়া এটা খণ্ডত তেওঁৰ ধেমেলীয়া মেজাজাত দেখিবলৈ পোৱা যাব ৷ এইবাৰ উইকএণ্ড কা ভাৰ অধিক মনোৰঞ্জনমূলক কৰি তুলিবলৈ কেটৰিণা কাইফ তেওঁৰ আগন্তুক ছবি ফোন ভূতৰ সহ-অভিনেতা ঈশান খট্টৰ আৰু সিদ্ধান্ত চতুৰ্বেদীৰ সৈতে বিগ বছৰ ছেটত উপস্থিত হয় ।
কালাৰছ টিভিয়ে শেহতীয়া খণ্ডটোৰ কেইবাটাও প্ৰ’ম’ মুকলি কৰিছে য’ত কেটৰিণাক আয়োজক ছলমানৰ সৈতে হাঁহি ধেমালিৰে সময় পাৰ কৰা দেখা গৈছে ৷ ইয়াৰে এটা প্ৰ’ম’ত ছলমানে কেটৰিণাক কোৱা দেখা গৈছে যে তেওঁ ভূত হৈ তেওঁৰ স্বামী অভিনেতা বিকী কৌশলৰ ওপৰত চোৰাংচোৱাগিৰি কৰিব বিচাৰিব ।
দৰাচলতে কেটৰিণাই ছলমানক সোধে যে যদি তেওঁ ভূতলৈ পৰিণত হয় তেন্তে তেওঁ কাক চোৰাংচোৱাগিৰি কৰিব বিচাৰিব । এই কথাত ছলমানে উত্তৰ দিয়ে, "এক বন্দা হাে উস্কা নাম বিকী কৌশল হে" ৷