অসম

assam

By

Published : Jun 26, 2023, 11:52 AM IST

ETV Bharat / entertainment

Kartik Aaryan Economy Class: ইকনমি ক্লাছত ভ্ৰমণ কৰি সমালোচিত হ’ল কাৰ্তিক আৰিয়ান

ইকনমি ক্লাছৰ বিমানত যাত্ৰা কৰি সমালোচনাৰ সন্মুখীন হ’ল অভিনেতা কাৰ্তিক আৰিয়ান ৷ কিন্তু কিয় ? সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Kartik Aaryan trolled for travelling in Economy class, user says, Aaj ka trend
ইকনমি ক্লাছত ভ্ৰমণ কৰি ট্ৰ’ল হ’ল কাৰ্তিক আৰিয়ান

চিটাৰা ডেস্ক, 26 জুন:বলীউডৰ অভিনেতা কাৰ্তিক আৰিয়ান এইকেইদিন নিজৰ আগন্তুক ছবি ‘সত্য প্ৰেম কি কথা’ৰ প্ৰচাৰত ব্যস্ত । যাৰ বাবে তেওঁ শেহতীয়াকৈ কিয়াৰা আদৱানীৰ সৈতে জয়পুৰলৈ গৈছিল । ইফালে ছ’চিয়েল মিডিয়াত কাৰ্তিকৰ এটা ভিডিঅ’ ক্ৰমান্বয়ে ভাইৰেল হৈ পৰিছে, যাৰ বাবে তেওঁ পুনৰবাৰ সমালোচনাৰ সন্মুখীন হৈছে ৷

ইকনমি ক্লাছত ভ্ৰমণ কৰিছিল কাৰ্তিকে

দৰাচলতে শেহতীয়াকৈ কাৰ্তিক আৰিয়ান আৰু কিয়াৰা আদৱানীয়ে সত্য প্ৰেম কি কথাৰ প্ৰচাৰ কৰি মুম্বাইলৈ উভতি আহিছিল । কিন্তু মুম্বাইলৈ আহি থাকোঁতে কাৰ্তিক আৰিয়ানক বিমানখনৰ ইকনমি ক্লাছত যাত্ৰা কৰা দেখা গৈছিল । অৱশ্যে ইকনমি ক্লাছত নাছিল কিয়াৰা আদৱানী । অভিনেতাগৰাকী বিমানখনৰ পৰা নামি অহাৰ সময়ত দুয়োকে একেলগে দেখা পোৱা গৈছিল ।

ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকলে ট্ৰল কৰে অভিনেতাগৰাকীক

ইকনমি ক্লাছত ভ্ৰমণ কৰা কাৰ্তিক আৰিয়ানৰ ভিডিঅ’ ভাইৰেল হৈ পৰে ছ’চিয়েল মিডিয়াত । ইয়াৰ পিচত নেটিজেনে সমালোচনা কৰিবলৈ আৰম্ভ কৰে অভিনেতাগৰাকীক ৷ এজন ব্যৱহাৰকাৰীয়ে মন্তব্য কৰে, "এইটো হৈছে ছবিখনৰ প্ৰচাৰৰ নতুন ধাৰা । "আন এজনে লিখিছে, "পাব্লিচিটি ষ্টাণ্ট ।" এজন ব্যৱহাৰকাৰীয়ে লিখিছে, ‘এই সকলোবোৰ ছবিখনৰ প্ৰচাৰৰ বাবে এক নতুন নাটক’। একে সময়তে একাংশ ব্যৱহাৰকাৰীয়ে অভিনেতাগৰাকীৰ প্ৰশংসা কৰে । এজনে অভিনেতাজনৰ আচৰণৰ প্ৰশংসা কৰি লিখিছে, "প্ৰমোচনৰ সময়ত অতি নম্ৰ কাৰ্তিক ।"

কাৰ্তিক আৰিয়ানৰ ৱৰ্কফ্ৰন্ট

কাৰ্তিক আৰিয়ানৰ ৱৰ্কফ্ৰন্টৰ কথা ক’বলৈ গ’লে অভিনেতাগৰাকীয়ে পুনৰবাৰ কিয়াৰা আদৱানীৰ সৈতে ‘সত্য প্ৰেম কি কথা’ ছবিত পৰ্দা শ্বেয়াৰ কৰিব ৷ ইয়াৰ পূৰ্বে দুয়োকে একেলগে দেখা গৈছিল ভূল ভুলীয়ায়া ২ ছবিখনত । দুয়োৰে যুটি অনুৰাগীয়ে ভাল পাইছিল । এতিয়া সত্য প্ৰেম কি কথা ২০২৩ চনৰ ২৯ জুনত ছবিগৃহত মুক্তি পাব ।

লগতে পঢ়ক:Emergency Release Date OUT: টিজাৰৰ সৈতে ইমাৰ্জেন্সিৰ মুক্তিৰ তাৰিখ ঘোষণা, মোক কোনেও বাধা দিব নোৱাৰে- কংগনা ৰানাৱট

লগতে পঢ়ক:PM Modi In US: জন গণ মন পৰিৱেশন কৰি মোদীৰ ভৰি চুই আশীৰ্বাদ ল’লে আমেৰিকান কণ্ঠশিল্পী মেৰী মিলবেনে

ABOUT THE AUTHOR

...view details