অসম

assam

ETV Bharat / entertainment

Kartik Aaryan news: ৰশ্মিকা মান্দানা হেনো কাৰ্তিক আৰ্য়ানৰ Wow পাৰ্টনাৰ

কি চলিছে ৰশ্মিকা মান্দানা আৰু কাৰ্তিক আৰ্য়ানৰ মাজত ? ৰশ্মিকাৰে সৈতে ফটো শ্বেয়াৰ কৰি কাৰ্তিকে ৰশ্মিকাক অভিহিত কৰিছে Wow পাৰ্টনাৰ হিচাপে (Kartik Aaryan Rashmika Mandanna) ৷

By

Published : Sep 15, 2022, 4:23 PM IST

Kartik Aaryan
কাৰ্তিক আৰ্য়ানৰ Wow পাৰ্টনাৰ

চিটাৰা ডেস্ক, 15 ছেপ্টেম্বৰ : বৰ্তমানে বলীউডত সফলতাৰে বাট বুলিছে অভিনেতা কাৰ্তিক আৰ্য়ানে । ভুল ভুলইয়া 2ৰ অভিনেতা জনে লাভ কৰিছে এখনৰ পিছত আনখনকৈ ছবিৰ অফাৰ ৷ সমান্তৰালকৈ বিজ্ঞাপনতো বেছিকৈ ভুমুকি মাৰিছে তেওঁ । পিছে কাৰ্তিক এতিয়া চৰ্চালৈ আহিছে দক্ষিণৰ অভিনেত্ৰী ৰশ্মিকা মান্দানাৰ সৈতে । ৰশ্মিকা মান্দানাৰ সৈতে এখন ফটো শ্বেয়াৰ কৰি কাৰ্তিকে ৰশ্মিকাক নিজৰ ৱাও পাৰ্টনাৰ বুলি কৈছে (Kartik Aaryan Rashmika Mandanna)।

বৃহস্পতিবাৰে কাৰ্তিকে ৰশ্মিকাৰ সৈতে এক সুন্দৰ ছবি শ্বেয়াৰ কৰিছে, য’ত দুয়োজনকেই ইজনে সিজনৰ অতিকে কাষত থিয় হৈ থকা দেখিবলৈ পোৱা গৈছে । এই ফটোখন শ্বেয়াৰ কৰি কাৰ্তিকে লিখিছে, ‘Meet my wow partner’।

কাৰ্তিক আৰু ৰশ্মিকাৰ মাজত দৰাচলতে চলিছে কি?

এখন ছবিৰ বাবে একত্ৰিত হৈছে নেকি দুয়ো ? কোনটো প্ৰজেক্টত তেওঁলোকক একেলগে চাব পাৰিব অনুৰাগী সকলে ? যদি এই ফটোখন দেখাৰ পিছত আপোনাৰ অস্থিৰতা বাঢ়িছে, তেন্তে বাতৰিটো আগলৈ পঢ়ক, আমি আপোনালোকক জনাম এই ছবিখনৰ প্ৰকৃত অৰ্থ কি-

দৰাচলতে কাৰ্তিক ৰশ্মিকাই একেলগে কাম কৰিছে এটা বিজ্ঞাপনৰ বাবে, য’ৰ পৰা অভিনেতাজনে এই ছবিখন শ্বেয়াৰ কৰিছে । এই ফটোখনত কফি ৰঙৰ কোট-পেণ্টত দেখা গৈছে কাৰ্তিকক আৰু আনহাতে ৰশ্মিকাই পিন্ধিছে ধুনীয়া পিচ্ছ ৰঙৰ ড্ৰেছ ।

শেহতীয়াকৈ কাৰ্তিক আৰ্য়ানক লৈ ‘Aashiqui 3’ ছবিৰ কথা ঘোষণা কৰা হৈছে । এতিয়ালৈকে থিৰাং হোৱা নাই ছবিখনৰ নায়িকা । নায়িকাৰ বাবে শ্বেহনাজ গীল, কৃতি সেনন আৰু শ্ৰদ্ধা কাপুৰৰ নাম প্ৰকাশ পাইছে ।

কিন্তু ইয়াৰ মাজতে আৰু এটা নামে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে আৰু সেয়া হ’ল অভিনেত্ৰী ৰশ্মিকা মান্দানা । হয়, ছ’চিয়েল মিডিয়াত ট্ৰেণ্ড চলিছে যে ‘Aashiqui 3’ ত কাৰ্তিকৰ বিপৰীতে ৰশ্মিকাক চাব বিচাৰে প্ৰায় সংখ্যকে ।

‘Aashiqui 3’ ৰ নিৰ্মাতাই কাক লয় এতিয়া কাৰ্তিকৰ বিপৰীতে সেইয়াহে লক্ষণীয় হ’ব ৷

লগতে পঢ়ক :Kartik Aaryan latest news:গোলাপ লৈ কাৰ্তিক আৰ্য়ানৰ পিছে পিছে দৌৰিলে দুই যুৱতী

ABOUT THE AUTHOR

...view details