অসম

assam

ETV Bharat / entertainment

Satyaprem Ki Katha: সত্যপ্ৰেম কি কথাৰ ৰোমান্টিক পোষ্টাৰ মুকলি, আহি আছে ছবিখনৰ ট্ৰেইলাৰ

কাৰ্তিক আৰিয়ান আৰু কিয়াৰা আদৱানীৰ যুটিক আকৌ এবাৰ ডাঙৰ পৰ্দাত একেলগে দেখা যাব সকলোৱে । আহি আছে কাৰ্তিক-কিয়াৰাৰ অভিনীত ছবি ‘সত্যপ্ৰেম কি কথা’ ৷

By

Published : Jun 4, 2023, 5:29 PM IST

Kartik Aaryan, Kiara Advani announce trailer release date of Satyaprem Ki Katha with new poster, check it here
সত্যপ্ৰেম কি কথা পোষ্টাৰ মুকলি

চিটাৰা ডেস্ক, 4 জুন: আকৌ এবাৰ ডাঙৰ পৰ্দাত একেলগে দেখা যাব বলীউডৰ অভিনেতা কাৰ্তিক আৰিয়ান আৰু কিয়াৰা আদৱানীৰ যুটিক । দুয়োকে প্ৰথমে একেলগে দেখা গৈছিল ‘ভুল ভুলাইয়া ২’ ত (Bhool Bhoolaiya 2)। এই ছবিখনত দুয়োৰে যুটিটোক দৰ্শকে বহুত পছন্দ কৰিছিল ৷ ইয়াৰ পিচত এতিয়া আকৌ এবাৰ ‘সত্যপ্ৰেম কি কথা’ ছবিখনৰ জৰিয়তে অনুৰাগীক আপ্লুত কৰা দেখা যাব দুয়োকে । সম্প্ৰতি ছবিগৃহত মুক্তি পাবলৈ সাজু হৈছে এই ছবিখন । এই ছবিখনৰ প্ৰতিটো আপডেট জানি অনুৰাগীসকল অতিশয় উৎসাহিত হৈ পৰিছে (Satyaprem Ki Katha trailer release)। এনে পৰিস্থিতিত ছবিখনক লৈ এটা ভাল খবৰো আহিছে ।

অহা ৫ জুনত মুক্তি পাব ছবিখনৰ ট্ৰেইলাৰ

‘সত্যপ্ৰেম কি কথা’ৰ চেটৰ পৰা কিছুদিন পূৰ্বে কাৰ্তিক আৰু কিয়াৰাৰ ক্লিপ ফাদিল হৈছিল (Kiara Advani)। য’ত কাৰ্তিকক লুঙী পৰিধান কৰি নৃত্য পৰিৱেশন কৰা দেখা পোৱা গৈছিল ৷ ইয়াৰ পিচত ছবিখনক লৈ ৰাইজৰ উৎসাহ দুগুণ হৈ পৰিছিল (Satya Prem Ki Katha Trailer OUT)।

উল্লেখ্য যে, আজি কাৰ্তিক আৰিয়ান আৰু কিয়াৰা আদৱানীয়ে তেওঁলোকৰ ছবিখনৰ নতুন পোষ্টাৰ শ্বেয়াৰ কৰি ট্ৰেইলাৰৰ মুক্তিৰ তাৰিখ ঘোষণা কৰে । এই পোষ্টাৰখনত কিয়াৰা আৰু কাৰ্তিক মৰমেৰে ইজনে সিজনৰ চকুলৈ চাই থকা দেখা যায় । কাৰ্তিকে পোষ্টাৰখনৰ কেপচনত লিখিছে, "আজ কে বাদ তু মেৰি ৰেহনা #সত্যপ্ৰেমকিকথা ট্ৰেইলাৰ কাইলৈ ​​পুৱা ১১:১১ বজাত ।"

ছবিখনৰ পোষ্টাৰখনে যথেষ্ট মৰম লাভ কৰিছে

ছ’চিয়েল মিডিয়াত চৰ্চিত বিষয় হৈ পৰিছে ছবিখনৰ পোষ্টাৰ । কাৰ্তিক (Karthik Aryan) আৰু কিয়াৰাৰ পোষ্টাৰখনত মৰম দিয়া দেখা গৈছে অনুৰাগীসকলে ৷ এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "কিয়াৰা আৰু কাৰ্তিকৰ যোৰটোৱেই শ্ৰেষ্ঠ যোৰ"। আনহাতে আন এজন ব্যৱহাৰকাৰীয়ে লিখিছে, "কাইলৈৰ বাবে অপেক্ষা কৰিব নোৱাৰি"। উল্লেখ্য যে, কিয়াৰা আৰু কাৰ্তিকৰ বাহিৰেও সুপ্ৰিয়া পাঠক কাপুৰ, গজৰাজ ৰাও, ৰাজপাল যাদৱ, শিখা তালছানিয়া আৰু সিদ্ধাৰ্থ ৰন্ধেৰিয়াক এই ছবিখনত মুখ্য চৰিত্ৰত দেখা যাব ।

লগতে পঢ়ক:Satya prem Ki Katha Teaser: কাৰ্তিক কিয়াৰাৰ ছবি ‘সত্যপ্ৰেম কি কথা’ৰ টিজাৰ মুক্তি পালে

ABOUT THE AUTHOR

...view details