চিটাৰা ডেস্ক, 10 নৱেম্বৰ:বৰ্তমান বলীউডৰ কৰিডৰত সকলোতে ধুম-ধামেৰে উদযাপন কৰা দেখা গৈছে দীপাৱলীৰ উৎসৱ । বহু তাৰকা আৰু প্ৰযোজকসকলে নিজ নিজ ঘৰত আয়োজন কৰিছে দীপাৱলীৰ পাৰ্টি । শেহতীয়াকৈ ফেশ্বন ডিজাইনাৰ মনীষ মালহোত্ৰাই আয়োজন কৰিছিল দীপাৱলীৰ পাৰ্টি ৷ য’ত উপস্থিত থকা দেখা গৈছিল বলীউডৰ বহু জনপ্ৰিয় তাৰকাক ৷ মনীষ মালহোত্ৰাৰ পিচত এইবাৰ অভিনেত্ৰী ছাৰা আলী খানে নিজৰ ঘৰত আয়োজন কৰিছে দীপাৱলী পাৰ্টিৰ। য’ত অভিনেত্ৰীগৰাকীয়ে নিজৰ বিশেষ বন্ধু-বান্ধৱী আৰু বলীউডৰ বহু তাৰকাক নিমন্ত্ৰণ জনাইছে । কিন্তু এই পাৰ্টিত সকলোৰে দৃষ্টি আকৰ্ষণ কৰে ছাৰাৰ এজন বিশেষ অতিথিয়ে ৷ সেয়া আন কোনো নহয়, ছাৰাৰ প্ৰাক্তন প্ৰেমিক কাৰ্তিক আৰিয়ান ।
দীপাৱলী পাৰ্টিৰ বাবে ছাৰা আলী খানৰ ঘৰত উপস্থিত হোৱা দেখা গ’ল কাৰ্তিক আৰিয়ানক । অভিনেতাগৰাকীৰ এটা ভিডিঅ’ ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে । ভিডিঅ’টোত কাৰ্তিকক হালধীয়া ৰঙৰ কুৰ্তা আৰু বগা পায়জামা পৰিধান কৰা দেখা গৈছে । ইফালে এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত প্ৰকাশ পোৱাৰ লগে লগে ব্যৱহাৰকাৰীসকলে মন্তব্য কৰিছে যে পুনৰ দুটা হৃদয়ৰ মিলন হ’বলৈ গৈ আছে । ছাৰা আৰু কাৰ্তিকক একেলগে দেখি অতিশয় আনন্দিত হৈ পৰিছে অনুৰাগী ।
কফী উইথ কৰণত উল্লেখ কৰা হৈছিল কাৰ্তিক আৰিয়ানৰ নাম