চিটাৰা ডেস্ক, 29 অক্টোবৰ :ৰাস্তাত খোজ কাঢ়ি থাকোতেই অকস্মাতে আপোনাৰ চকুৰ সন্মুখত আপোনাৰ প্ৰিয় তাৰকা- হয় কোনো মঞ্চ বা পৰ্দাত নহয়, আপোনাৰ ঠিক চকুৰ সন্মুখত ! আহমেদাবাদত ঠিক সেইটোৱেই প্ৰত্যক্ষ কৰিলে কাৰ্তিক আৰ্য়ানৰ অনুৰাগীসকলে ।
কাৰ্তিকৰ নতুন ছবি সত্যপ্ৰেম কি কথা শ্বুটিঙৰ বাবে শুকুৰবাৰে আহমেদাবাদলৈ ৰাওনা হয় কাৰ্তিক । দিনৰ ভাগত তেওঁ গুজৰাটৰ বিখ্যাত চহৰখনৰ স্থানীয় ৰাজপথ সমূহ অন্বেষণ কৰিবলৈ ওলাই আহিছিল আৰু তেতিয়াই তেওঁৰ অনুৰাগীসকলে তেওঁক প্ৰত্যক্ষ কৰি ৰাজপথত ভিৰ কৰেহি ৷
ইনষ্টাগ্ৰামত কাৰ্তিকে এটা ভিডিঅ’ শ্বেয়াৰ কৰিছে য’ত তেওঁৰ অনুৰাগীসকলক তেওঁৰ পিছে পিছে চিঞৰি চিঞৰি উল্লাস কৰা দেখা গৈছে ৷ কাৰ্তিকে এই সকলোবোৰ ম’বাইলত বন্দী কৰি ৰাখে ৷ অনুৰাগীৰ মৰম দেখি অভিভূত হৈ পৰে অভিনেতাজন ৷