চিটাৰা ডেস্ক, 13 এপ্ৰিল: বলীউডৰ অভিনেতা কাৰ্তিক আৰিয়ান আৰু অভিনেত্ৰী শ্ৰদ্ধা কাপুৰৰ অনুৰাগীৰ বাবে এটা ভাল খবৰ । পোনপ্ৰথমবাৰৰ বাবে এই যুটিটোক ৰূপালী পৰ্দাত একেলগে দেখা পাব দৰ্শকে ৷ ‘ভুল চুক মাফ’ ছবিখনৰ জৰিয়তে এই যুটিটোৱে প্ৰথমবাৰৰ বাবে পৰ্দাত দৰ্শকক মনোৰঞ্জন দিয়া দেখা যাব (Bhul Chuk Maaf) । ছবিখনৰ এই তথ্য প্ৰকাশ কৰিছে Jio Studioৰ দলে । সম্প্ৰতি আন কোনো তথ্য প্ৰকাশ পোৱা নাই । তাৎপৰ্যপূৰ্ণভাৱে কাৰ্তিক আৰিয়ানৰ কেমিঅ’ দেখা গৈছিল ৰণবীৰ কাপুৰ আৰু শ্ৰদ্ধা কাপুৰ অভিনীত ছবি ‘তু ঝুঠি মে মক্কাৰ’ ছবিখনত (Kartik Aaryan and Shraddha Kapoor)।
অনুৰাগীৰ সপোন বাস্তৱায়িত হ’ব
তু ঝুঠি মে মক্কাৰ ছবিখনত কাৰ্তিক আৰিয়ান আৰু শ্ৰদ্ধা কাপুৰক প্ৰথমবাৰৰ বাবে পৰ্দাত একেলগে দেখা গৈছিল যদিও সেয়া আছিল কিছু সময়ৰ বাবে, কিন্তু এতিয়া এই যুটিটোক সমগ্ৰ ছবিখনত প্ৰথমবাৰৰ বাবে একেলগে দেখা পোৱা যাব । জানিব পৰা মতে ছবিখন পৰিচালনা কৰিব কৰণ শৰ্মাই (Shraddha Kapoor)।
এই খবৰৰ পিচতে কাৰ্তিক আৰু শ্ৰদ্ধাৰ অনুৰাগীৰ মাজত এক আনন্দৰ বন্যা বোৱা দেখা গৈছে ৷ ‘তু ঝুঠি মে মক্কাৰ’ ছবিখনত এই যুটিটোক একেলগে দেখি অনুৰাগীসকলে দুয়োকে একেলগে এখন সম্পূৰ্ণ ছবিত দেখিবলৈ আগ্ৰহী হৈ আছিল আৰু অৱশেষত অনুৰাগীসকলৰ সপোন বাস্তৱায়িত হ’বলৈ গৈ আছে ।