চিটাৰা ডেস্ক, 25 জুন: ১৯৭৪ চনৰ ২৫ জুনত কাপুৰ পৰিয়ালত জন্মগ্ৰহণ কৰা এইগৰাকী অভিনেত্ৰীয়ে পৰিয়ালটোৰ বিৰুদ্ধে বিদ্ৰোহ কৰি কেৱল নিজৰ সপোনক উৰণ দিয়াই নহয়, সপোন বাস্তৱায়িত কৰিব বুলিও কোনেও ভবা নাছিল । আচলতে আমি ক’ব লৈছো কৰিশ্মা কাপুৰৰ কথা । ছবি জগতখনত নিঃসন্দেহে কৰিশ্মাৰ উৎকৃষ্ট অভিনয়ে দৰ্শকক মোহিত কৰিছিল, কিন্তু ব্যক্তিগত জীৱনৰ বাবেও যথেষ্ট চৰ্চাত আছিল অভিনেত্ৰীগৰাকী ৷ আজি জন্মদিনৰ এই বিশেষ ক্ষণত জানো আহক কৰিশ্মাৰ প্ৰেম জীৱনৰ কথা ।
অজয়ৰ সৈতে প্ৰথম বাৰ নাম সাঙোৰ খাইছিল কৰিশ্মাৰ
কৰিশ্মা কাপুৰৰ জীৱনত প্ৰথম প্ৰৱেশ আছিল অজয় দেৱগনৰ । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি জিগাৰ ছবিখনৰ শ্বুটিং কৰাৰ সময়ত দুয়োগৰাকীৰ ঘনিষ্ঠতাৰ খবৰ পোৱা গৈছিল । দুয়ো প্ৰেমত পৰা বুলি যথেষ্ট চৰ্চা চলিছিল কিন্তু কিছু সময় পিচত দুয়োৰে বাট পৃথক হৈ পৰে ।
গোবিন্দৰ সৈতেও নাম সাঙোৰ খাইছিল কৰিশ্মাৰ
কৰিশ্মা আৰু গোবিন্দৰ যুটিয়ে বহু ছবিত অভিনয় কৰিছিল । এই যুটিটো কেৱল ছুপাৰ হিট হোৱাই নহয়, অনুৰাগীসকলেও ভাল পাবলৈ আৰম্ভ কৰিছিল এই যুটিটোক । সেয়েহে, দুয়োৰে প্ৰেমৰ খবৰো সেই সময়ত বিয়পি পৰিছিল ৷ কিন্তু এনে পৰিস্থিতিত কৰিশ্মা কাপুৰ আৰু গোবিন্দই ইগৰাকীয়ে সিগৰাকীৰ পৰা আঁতৰি থকাৰ সিদ্ধান্ত লয় ।
এই তালিকাত ছলমান খানৰো নামো সন্নিবিষ্ট আছে