অসম

assam

Kargil Vijay Diwas 2023: কাৰ্গিল যুদ্ধৰ শ্বহীদসকলক শ্ৰদ্ধাঞ্জলি অক্ষয়কে ধৰি এই তাৰকাসকলৰ, মুক্তিৰ বাবে সাজু এইসমূহ দেশপ্ৰেমমূলক ছবি

By

Published : Jul 26, 2023, 3:28 PM IST

অক্ষয় কুমাৰৰ পৰা অভিষেক বচ্চনলৈকে এই চেলিব্ৰিটিসকলে কাৰ্গিল বিজয় দিৱস ২০২৩ উপলক্ষে শ্বহীদ জোৱানসকলক স্মৰণ কৰিছে।

Kargil Vijay Diwas 2023: Akshay Kumar To Abhishek Bachchan, Celebs Salute The Valour Of Indian Army
কাৰ্গিল বিজয় দিৱস ২০২৩

চিটাৰা ডেস্ক, 26 জুলাই: আজি দেশবাসীয়ে উদযাপন কৰিছে কাৰ্গিল বিজয় দিৱস । ১৯৯৯ চনৰ ২৬ জুলাইৰ দিনটো ভাৰতীয় সেনাৰ ইতিহাসত সোণালী আখৰেৰে লিখা আছে । ১৯৯৯ চনৰ ২৬ জুলাইত ভাৰতে কাৰ্গিল যুদ্ধত বিজয় সাব্যস্ত কৰিছিল। পাকিস্তানৰ ওপৰত ভাৰতৰ এই বিজয়ৰ পিছৰে পৰা ২৬ জুলাইক কাৰ্গিল বিজয় দিৱস হিচাপে পালন কৰা হৈছে। ভাৰতীয় সেনাৰ এনে বলিদানক লৈ ভাৰতীয় চিনেমাত সময়ে সময়ে ছবি নিৰ্মাণ কৰা দেখা যায় । ভাৰতীয় সেনাবাহিনী আৰু দেশপ্ৰেমক লৈ ভাৰতীয় ছবিজগতত এনেধৰণৰ ছবি নিৰ্মাণ কৰি দেশবাসীৰ মাজত দেশপ্ৰেমৰ মনোভাৱ জগাই তোলা দেখা যায় । এনে পৰিস্থিতিত বলীউডৰ তাৰকাসকলে ছ’চিয়েল মিডিয়াত শ্বহীদ জোৱানসকলক স্মৰণ কৰা দেখা গৈছে । লগতে আমি এই প্ৰতিবেদনত সেই আগন্তুক ছবিবোৰৰ বিষয়ে ক’ম যিসমূহ ছবি দেশপ্ৰেমৰ ওপৰত নিৰ্মাণ কৰা হ’ব ৷

অক্ষয় কুমাৰ

অক্ষয় কুমাৰে লিখিছে, ‘হৃদয়ত প্ৰেম আৰু ওঁঠত প্ৰাৰ্থনা, কাৰ্গিল যুদ্ধত শ্বহীদ হোৱা আমাৰ বীৰ হৃদয়ক মনত পেলাইছো, আমাৰ জীয়াই থকাটো আপোনালোকৰ বাবেই সম্ভৱ হৈ উঠিছে ৷’

নিম্ৰত কৌৰ

নিম্ৰত কৌৰে কয়, ‘কাৰ্গিল বিজয় দিৱস ২০২৩ৰ দিনা ভাৰতীয় সশস্ত্ৰ বাহিনীৰ ত্যাগ আৰু বীৰত্বক স্মৰণ কৰি আছো, আমি কেতিয়াও পাহৰিব নোৱাৰো কাৰ্গিল যুদ্ধৰ বীৰসকলৰ পৰম সেৱা।’

অভিষেক বচ্চন

কাৰ্গিল বিজয় দিৱস ২০২৩

অভিষেক বচ্চনে ছ’চিয়েল মিডিয়াত এটা পোষ্ট শ্বেয়াৰ কৰি লিখিছে, কাৰ্গিলত শ্বহীদ হোৱা সেই বীৰসকলক চেলুট কৰো যিসকলে আমাৰ সুৰক্ষাৰ বাবে বীৰগটি লাভ কৰিছিল।

আগন্তুক ছবি

ছেম বাহাদুৰ

বিকি কৌশলৰ অভিনীত ছবি ছেম বাহাদুৰ চলিত বৰ্ষৰ ১ ডিচেম্বৰত মুক্তি পাব । মেঘনা গুলজাৰৰ পৰিচালিত ছবিখনত বিকি কৌশলে ভাৰতীয় সেনাৰ ফিল্ড মাৰ্শ্বাল ছেম বাহাদুৰ নামেৰে পৰিচিত ছেম মানেকশ্বৰ চৰিত্ৰত অভিনয় কৰিব। উল্লেখ্য যে, ১৯৭১ চনত ভাৰত-পাক যুদ্ধৰ সময়ত তেওঁ সেনা প্ৰধান আছিল আৰু তেওঁৰ নেতৃত্বত ভাৰতে এই যুদ্ধত জয়লাভ কৰিছিল ।

এ ৱতন মেৰে ৱতন

এইবাৰ প্ৰথমবাৰৰ বাবে ছাৰা আলী খানক দেশপ্ৰেমমূলক ছবিত দেখা যাব । ছাৰাৰ সন্দৰ্ভত বহু আগতেই ঘোষণা কৰা হৈছিল ‘এ ৱতন মেৰে ৱতন’ ছবিখন। ছবিখনত ভাৰতৰ স্বাধীনতাত গুৰুত্বপূৰ্ণ ভূমিকা থকা মহিলা স্বাধীনতা সংগ্ৰামী উষা মেহতাৰ চৰিত্ৰত দেখা যাব ছাৰাক । ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ আধাৰত নিৰ্মিত ছবিখনৰ কাহিনী । উষা মেহতাই গোপন অপাৰেটৰ হৈ দেশৰ স্বাধীনতাৰ যুদ্ধত যোগ দিছিল ।

লগতে পঢ়ক:Surinder Shinda passes away: জনপ্ৰিয় পাঞ্জাবী গায়ক সুৰিন্দৰ শিন্দাৰ দেহাৱসান, ৬৪ বছৰ বয়সত শেষ নিশ্বাস ত্যাগ

ABOUT THE AUTHOR

...view details