চিটাৰা ডেস্ক, ১২ ছেপ্টেম্বৰ: বৰ্তমান সংবাদ মাধ্যমৰ শিৰোনামত আছে বলীউডৰ বেবো কৰীণা কাপুৰ খান ৷ দৰাচলতে কৰীণা কাপুৰে সুজয় ঘোষৰ ছবি ‘জানে জা’ৰ জৰিয়তে অ’টিটি প্লেটফৰ্ম আত্মপ্ৰকাশ কৰিব আৰু ইয়াকেলৈ এতিয়া চৰ্চিত হৈছে কৰীণা ৷ সোমবাৰে ছবিখনৰ টাইটেল গীতো মুকলি হৈছে ৷ অৱশ্যে এতিয়া এই ছবিখনৰ লগতে কিছু ব্য়ক্তিগত কাৰণতো চৰ্চিত হৈছে বেবো ৷ অভিনেত্ৰীগৰাকীয়ে ছাইফ আলী খানৰ সৈতে অসবৰ্ণ বিবাহৰ বাবে সমালোচনাৰ সন্মুখীন হোৱাৰ কথা মুকলিকৈ কয় । স্বামীৰ সৈতে ১০ বছৰৰ বয়সৰ ব্যৱধানৰ বাবে ট্ৰ’লৰ সন্মুখীন হোৱা কৰীণাই এই সন্দৰ্ভত এতিয়া প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ।
২০১২ চনত ছাইফৰ সৈতে বিবাহপাশত আবদ্ধ হৈছিল কৰীণা ৷ বিবাহৰ পাচতে কৰীণা আৰু ছাইফৰ মাজত ১০ বছৰীয়া বয়সৰ ব্যৱধানৰ কথা ছ’চিয়েল মিডিয়া তথা সংবাদ মাধ্যমত প্ৰচাৰ হ’বলৈ আৰম্ভ কৰে, যিয়ে সকলোৰে দৃষ্টি আকৰ্ষণ কৰে । স্বামীৰ সৈতে বয়সৰ ব্যৱধানৰ বাবে ট্ৰ’ল হোৱাৰ সন্দৰ্ভত কৰীণাই শেহতীয়াকৈ দিয়া এক সাক্ষাৎকাৰত কয় যে, বয়স তেওঁৰ বাবে কেতিয়াও গুৰুত্বপূৰ্ণ নহয় । অভিনেত্ৰীগৰাকীৰ বাবে গুৰুত্বপূৰ্ণ হৈছে পাৰস্পৰিক সন্মান, প্ৰেম আৰু ইগৰাকীয়ে সিগৰাকীক সুখী কৰা ।
কৰীণাই কয়, "ছাইফ পূৰ্বৰ তুলনাত আৰু অধিক হট হৈছে ৷ মই সুখী যে মই ১০ বছৰ সৰু; তেওঁ চিন্তিত হোৱা উচিত । কোনেও ক’ব নোৱাৰে যে তেওঁৰ ৫৩ বছৰ হৈছে ।"