চিটাৰা ডেস্ক, 19 জানুৱাৰী : এটা সময়ৰ বলীউডৰ শীৰ্ষস্থানৰ অভিনেত্ৰী কৰীণা কাপুৰ খান আজিৰ দিনত দুটাকৈ সন্তানৰ মাতৃ ৷ হ’লেও অকণো কমি যোৱা নাই কাপুৰ বংশৰ বেবোৰ স্পাৰ্ক ৷ বলীউডৰ লীডিং এক্ট্ৰেস বুলি যি সময়ত বহুতে বিয়াবাৰু-সন্তানৰ কথা নাভাবে, সেই সময়ত কিন্তু এই গৰাকী অভিনেত্ৰীয়ে নিজৰ ব্যক্তিগত জীৱনক অগ্ৰাধিকাৰ দি নৱাব ছৈফ আলী খানৰ সৈতে বিয়াত বহিছিল ৷ বিয়াৰ পিচতো অভিনয় কেৰিয়াৰক আগবঢ়াই নিয়াৰ ইচ্ছা তেওঁ সদায় পুহি ৰাখিছিল মনত ৷ নিজৰ প্ৰতিভাৰ ওপৰতো বিশ্বাস আছিল নিশ্চয়কৈ তেওঁৰ ৷ সাংসাৰিক হ’লেই যে ছবিৰ অফাৰ নাহিব এই কথাত বিশ্বাস নকৰে অভিনেত্ৰীগৰাকীয়ে ৷ বহু সময়ত সাক্ষাৎকাৰত তেওঁ এই কথা কৈছেও ৷
প্ৰফেচনেল লাইফৰ লগতে পাৰ্চনেল লাইফতো তেওঁ বহুত সময় দি ভাল পায় ৷ নিজৰ পৰিয়ালটো মানসিক শান্তিৰ এটা থেৰাপী বুলিয়ে ভাবে কৰীণাই ৷ বিয়াৰ পিচত সন্তান জন্ম হ’ল, বহু ৰুটিন সলনি হৈ গ’ল অভিনেত্ৰীগৰাকীৰ ৷ ছবিৰ স্ক্ৰীপ্টৰ ক্ষেত্ৰতো বহুত চুজী হৈ পৰে তেওঁ ৷ পৰিয়ালক আগত ৰাখি কৰীণাই স্ক্ৰীপ্ট বাচিবলৈ ল’লে ৷ স্বামী আৰু পুত্ৰৰ প্ৰতি প্ৰতিটো দায়িত্বই তেওঁ নিষ্ঠাৰে পালন কৰি আহিছে ৷ সৰু-বৰ যিকোনো কথাতে নিজৰ আপোন মানুহখিনিক চিয়েৰ কৰাৰ পৰা কেতিয়াও আঁতৰি নাথাকে কৰীণা ৷ শেহতীয়াকৈ কৰীণাৰ ইনষ্টাগ্ৰাম ষ্ট’ৰীটোৱে তাৰেই ইংগিত দিলে ৷
শুকুৰবাৰে কৰীণাই ইনষ্টাগ্ৰাম হেণ্ডেলত এটা ষ্ট’ৰী শ্বেয়াৰ কৰে ৷ এটা ব্ৰঞ্জৰ পদক ডিঙিত ওলোমাই কৰীণাই প্ৰকাশ কৰে নিজৰ সুখানুভূতি ৷ বৰপুত্ৰই দিয়া সেয়া সুখ ৷ সুখৰ স্পৰ্শ তেওঁৰ চেহেৰাত স্পষ্টকৈ পৰিলক্ষিত হৈছে ৷ টাইমূৰ আলী খানে জিকি অনা ব্ৰঞ্জৰ পদক পিন্ধি উৎফুল্লিত হৈ পৰে কৰীণা ৷ তলৰ ফটোখনলৈ চালেই আপোনালোকে বুজি পাব কৰীণাৰ সুখ-