চিটাৰা ডেস্ক, 12 ছেপ্টেম্বৰ: বলীউডৰ বেবো অৰ্থাৎ কৰীণা কাপুৰ খান তেওঁৰ আগন্তুক ছবি ‘জানে জান’ৰ বাবে চৰ্চাত আছে । নেটফ্লিক্সত মুক্তি পাবলগীয়া এই ছবিখনৰ জৰিয়তে কৰীণাই অ’টিটিত আত্মপ্ৰকাশ কৰিব ৷ ছবিখন সফল কৰি তুলিবলৈ এতিয়া বেবোৱে ছবিখনৰ প্ৰচাৰত ব্যস্ত হৈ পৰিছে । ছবিখনৰ প্ৰচাৰৰ সময়ত কৰীণাই ডাঙৰ পুত্ৰ টাইমুৰ আলী খানৰ নামক লৈ হোৱা বিতৰ্কক লৈ মুকলিকৈ মত প্ৰকাশ কৰে । পুত্ৰৰ নাম টাইমুৰ ৰখাৰ আচল কাৰণ কি এই বিষয়ে মুকলিকৈ ক’লে অভিনেত্ৰীগৰাকীয়ে ৷
কৰীণা আৰু ছাইফৰ পুত্ৰৰ নামৰ সন্দৰ্ভত ছ’চিয়েল মিডিয়াত সমালোচনা কৰা হৈছিল
ছাইফ আলী খান আৰু কৰীণাক নিজৰ সন্তানৰ নাম টাইমুৰ ৰখাৰ বাবে তীব্ৰ সমালোচনা কৰা হৈছিল । এতিয়া বহু বছৰ পিচত এই সমগ্ৰ বিতৰ্কক লৈ অভিনেত্ৰীগৰাকীয়ে নিজৰ মৌনতা ভংগ কৰিছে । শেহতীয়াকৈ সংবাদ মাধ্যমত দিয়া এক সাক্ষাৎকাৰত কৰীণাই কয় যে, টাইমুৰ নাম ৰখাৰ আঁৰত এটা বিশেষ কাৰণ আছে । ছাইফৰ চুবুৰীয়া এজন বন্ধু আছিল, যাৰ লগত তেওঁ ডাঙৰ হৈছিল । তেওঁৰ নাম আছিল টাইমুৰ ৷ ছাইফে তেওঁৰ বন্ধু আৰু তেওঁৰ নাম দুয়োটাই বৰ ভাল পাইছিল । এই কাৰণেই ছাইফে কৈছিল যে ‘‘মোৰ যেতিয়া ল’ৰা সন্তান জন্ম হ’ব তাৰ নাম টাইমুৰ ৰাখিম, কাৰণ মোৰ ল’ৰাটো মোৰ প্ৰথম বন্ধু হ’ব ।’’