অসম

assam

ETV Bharat / entertainment

কাৰ ভয়ত কৰণ জোহৰে এনিমেলৰ প্ৰশংসা কৰা নাছিল ? নিজেই প্ৰকাশ কৰিলে এই কথা

Karan Johar On Animal: পৰিচালক সন্দীপ ৰেড্ডী ভাংগাৰ ছবি ‘এনিমেল’ ২০২৩ চনৰ অন্যতম বিতৰ্কিত ছবি । শেহতীয়াকৈ কৰণ জোহৰে ছবিখনৰ প্ৰশংসাত বহু কথা কৈছে । কৰণে কি ক’লে জানো আহক ৷

By ETV Bharat Assamese Team

Published : Jan 2, 2024, 4:42 PM IST

Karan Johar calls Ranbir starrer animal the best film of 2023
কৰণ জোহৰে এনিমেলৰ প্ৰশংসাত কি ক’লে

চিটাৰা ডেস্ক, ২ জানুৱাৰী: সন্দীপ ৰেড্ডী ভাংগাৰ পৰিচালিত আৰু ৰণবীৰ কাপুৰ অভিনীত ছবি ‘এনিমেল’ এ মুক্তি পোৱাৰ এমাহ হ’ল ৷ কিন্তু ছবিখনে বক্স অফিচত এতিয়াও অব্যাহত ৰাখিছে সাফল্য আৰু উপাৰ্জন কৰিছে কোটি কোটি টকা ৷ ইফালে বক্স অফিচৰ বহু অভিলেখো ভংগ কৰিছে ‘এনিমেল’এ । সকলোৱে ছবিখনৰ তাৰকা অভিনেতা ৰণবীৰ কাপুৰ, ববি দেওল, তৃপ্তি ডিমৰীকে ধৰি অভিনেতাসকলৰ প্ৰশংসা কৰিছে । এতিয়া এক সাক্ষাৎকাৰৰ সময়ত চলচ্চিত্ৰ নিৰ্মাতা কৰণ জোহৰেও একশ্যন থ্ৰিলাৰ ‘এনিমেল’ক চলিত বৰ্ষৰ শ্ৰেষ্ঠ ছবি বুলি অভিহিত কৰিছে ।

কৰণ জোহৰে ‘এনিমেল’ক বছৰৰ শ্ৰেষ্ঠ ছবি বুলি অভিহিত কৰিছে

২০২৩ চনৰ ১ ডিচেম্বৰত ছবিগৃহত মুক্তি পাইছিল ‘এনিমেল’ । এই ছবিখনে দৰ্শকৰ পৰা প্ৰচণ্ড সঁহাৰি লাভ কৰাৰ লগতে ছবিখন চাবলৈ ছবিগৃহৰ বাহিৰত দীঘলীয়া শাৰী দেখা গৈছিল । ‘এনিমেল’ৰ সফলতাৰ বিষয়ে এক সাক্ষাৎকাৰত চিনেমা নিৰ্মাতা কৰণ জোহৰে কয় যে যেতিয়া তেওঁ এনিমেলৰ প্ৰতি থকা প্ৰেম প্ৰকাশ কৰিছিল তেতিয়া মানুহে তেওঁৰ ওচৰলৈ আহি কৈছিল, ‘‘আপুনি ৰকি ঔৰ ৰাণী বনাইছে, এইখন এনিমেলৰ দৰে চিনেমা নহয়, এইটো সম্পূৰ্ণ বিপৰীত আছিল ।’’

কৰণে লগতে কয়, ‘‘মই ভাবো যে এনিমেল বছৰৰ শ্ৰেষ্ঠ ছবি । এই বক্তব্যত উপনীত হ’বলৈ মোৰ কিছু সময় আৰু বহুত সাহস লাগিল, কাৰণ মানুহৰ মাজত থাকিলে বিচাৰৰ ভয় হয় । কবীৰ সিঙকো ভাল পাইছিলো। সেই সময়তো মই ছবিখনৰ প্ৰতি থকা মোৰ প্ৰেম প্ৰকাশ কৰা নাছিলো, কাৰণ মই ভাবিছিলো যদি এই বিষয়ে কওঁ তেতিয়াহ’লে মানুহে মোক বেয়া পাব ৷’’

এনিমেলৰ কোনটো দৃশ্যই আপ্লুত কৰিছিল কৰণ জোহৰক ?

কৰণে এনিমেলৰ প্ৰশংসাত কয়, “ হঠাৎ আপোনাৰ সন্মুখত এটা ইন্টাৰভাল ব্লক আহে, য’ত নায়কক মাৰপিট কৰা দেখা যায় আৰু সকলোৱে গান গাই, আপুনি এনেকুৱা ছিকুৱেন্স দেখিছে নে ক’ৰবাত ? এনে প্ৰতিভা দেখিছে নে ? শেষত য’ত দুজন মানুহে ইজনে সিজনক হত্যা কৰিবলৈ গৈ আছে আৰু তেওঁলোকে সেই গীতটো বজাইছিল, তেতিয়া মোৰ চকুলো বৈ আহিছিল, কিন্তু সেই দৃশ্যটোত আছিল কেৱল তেজ । কিন্তু এই ছবিখনৰ বিষয়ে মই যিমানখিনি বুজি পালোঁ সেয়া অতি সঠিক ।’’

কৰণে কয়,‘‘এয়া সাধাৰণভাৱে চিন্তা কৰা মানুহে নিৰ্মাণ কৰিব নোৱাৰিব । এইটো এনেকুৱা এজন মানুহৰ মগজু, যি মতামতবাদী আৰু ব্যক্তিবাদী । ছবিখন দুবাৰ চালোঁ, প্ৰথমবাৰ দৰ্শক হিচাপে আৰু দ্বিতীয়বাৰ অধ্যয়ন কৰিবলৈ ।”

লগতে পঢ়ক:এই পৰ্যন্ত বিশ্বজুৰি কিমান কোটি টকা উপাৰ্জন কৰিলে ডাংকিয়ে ?

ABOUT THE AUTHOR

...view details