চিটাৰা ডেস্ক, 18 জুন:বলীউডৰ অভিনেতা ছানী দেউলৰ পুত্ৰ কৰণ দেউলৰ বিবাহৰ ভিডিঅ’ ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ৷ বিয়াৰ ভিডিঅ’ত দুয়োকে দৰা-কইনাৰ সাজত দেখা পোৱা গৈছে ৷ প্ৰেমিকা দৃষ্টি আচাৰ্যৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছে কৰণ দেউল । বিয়াৰ ভিডিঅ’ আৰু ফটোসমূহ সম্প্ৰতি ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত । বিয়াত পৰিয়ালবৰ্গৰ সীমাহীন সুখ দেখা পোৱা গৈছে ৷ পুত্ৰৰ বিয়াত পিতৃ ছানী দেউলৰ মুখত সুখ দেখা পোৱা গৈছে, আনফালে ককা ধৰ্মেন্দ্ৰৰ কথা যদি কওঁ তেন্তে এই সময়ত তেওঁ অতি সুখী, কেৱল ইমানেই নাতিৰ বিয়াত মন খুলি নৃত্য পৰিৱেশন কৰিছে ধৰ্মেন্দ্ৰই ।
ভিডিঅ’ আৰু ফটোসমূহত কৰণ দেউলক পৰম্পৰাগত সাজ-পোছাকত দেখা পোৱা গৈছে আৰু তেওঁৰ লগতে দৃষা আচাৰ্যকো পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰা দেখা পোৱা গৈছে । দুয়োগৰাকীয়েই পালন কৰিছে বিয়াৰ ৰীতি-নীতি । ইয়াৰ বাহিৰেও এটা ভিডিঅ’ত কৰণ দেউলক ঘোঁৰাৰ ওপৰত উঠি বৰযাত্ৰী অহা দেখা গৈছে ৷
এই সময়ত সমগ্ৰ দেওল পৰিয়ালত বিৰাজ কৰিছে সুখৰ পৰিৱেশ ৷ সমগ্ৰ পৰিয়ালটোৱে এই সুখৰ মুহূৰ্তৰ বাবে বহুদিন ধৰি অপেক্ষা কৰি আছিল । অনুৰাগীসকলেও নৱবিবাহিত দম্পতীক অভিনন্দন জনোৱা দেখা যায় । বলীউডৰ হেইমান তথা প্ৰবীণ ছুপাৰষ্টাৰ ধৰ্মেন্দ্ৰৰ অৱস্থা এনেকুৱা যে ৮৭ বছৰ বয়সত নাতিৰ বিয়া উপলক্ষে তেওঁক নৃত্য কৰা দেখা যায় ।
অভয় দেওলকো দেখা গৈছে বিয়াত