অসম

assam

ETV Bharat / entertainment

Seema Haider Movie: মুকলি হ’ল সীমা হাইদৰৰ জীৱনৰ আধাৰত নিৰ্মিত ছবিৰ পোষ্টাৰ, ২০ আগষ্টত মুক্তি পাব প্ৰথমটো গীত - সীমা হাইদৰ আৰু শচীন মীনা

প্ৰেমৰ বাবেই চুবুৰীয়া দেশ পাকিস্তানৰ পৰা অবৈধভাৱে ভাৰতলৈ অহা সীমা হাইদৰৰ জীৱনৰ আধাৰত নিৰ্মাণ হৈ থকা ছবিখনৰ পোষ্টাৰ মুকলি কৰা হৈছে ।

Karachi To Noida: Song From Film Based On Seema Haider Gets First Poster, Release Date
সীমা হাইদৰৰ ওপৰত নিৰ্মাণ হৈ থকা ছবিখনৰ পোষ্টাৰ মুকলি

By

Published : Aug 18, 2023, 12:02 PM IST

চিটাৰা ডেস্ক, 18 আগষ্ট: শেহতীয়া দেশজুৰী চৰ্চা চলিছিল সীমা হাইদৰক লৈ ৷ পাকিস্তানৰ পৰা নিজৰ চাৰি সন্তানক লৈ শচীনৰ প্ৰেমত ভাৰতলৈ গুচি আহিছিল সীমা ৷ ইয়াৰ পিচতে সীমাক লৈ দেশজুৰি আৰম্ভ হৈছিল চৰ্চা ৷ কেৱল ভাৰততেই নহয়, ভাৰত-পাকিস্তান উভয়ে সীমাক লৈ চৰ্চা চলিছিল ৷ সেইকেইদিন ছ’চিয়েল মিডিয়াৰ ট্ৰেণ্ডিঙত কেৱল সীমা ৷ সীমা হাইদৰৰ জনপ্ৰিয়তা দেখি এতিয়া সীমা হাইদৰৰ কাহিনীৰ আধাৰত এখন ছবি নিৰ্মাণ কৰা হৈছে, যাৰ প্ৰথম পোষ্টাৰ ইতিমধ্যেই নিৰ্মাতাসকলে মুকলি কৰিছে । ইয়াৰ উপৰিও ছবিখনৰ প্ৰথমটো গীতো প্ৰস্তুত কৰা হৈছে, যিটো দুদিনৰ পিচত অৰ্থাৎ ২০ আগষ্টত মুক্তি পাব।

পাকিস্তানৰ সীমা হাইদৰ আৰু নয়ডাৰ শচীন মীনাৰ প্ৰেমক লৈ নিৰ্মাণ কৰা ছবিখনৰ নাম হৈছে ‘কৰাচী টু নয়ডা’ ৷ প্ৰযোজক অমিত জানীয়ে শচীন আৰু সীমাৰ প্ৰেম কাহিনীটো পৰ্দাত দেখুৱাবলৈ সাজু হৈছে । ইফালে ছবিখনত সীমা হাইদৰৰ চৰিত্ৰত দেখা যাব অভিনেত্ৰী ফাৰহিন ফালকক । ছবিখন পৰিচালনা কৰিছে ভাৰত সিঙে ।

২০ আগষ্টত আহিব ছবিখনৰ প্ৰথমটি গীত

সীমা হাইদৰৰ ছবি কৰাচী টু নয়ডাৰ প্ৰথমটো গীত ২০ আগষ্টত মুক্তি পাব । প্ৰযোজক অমিত জানীয়ে নিজেই টুইটাৰত ইয়াৰ পোষ্টাৰ প্ৰকাশ কৰি এই কথা ঘোষণা কৰিছে । প্ৰীতি সৰোজে কণ্ঠদান কৰা গীতটিৰ কথা ৰচনা কৰিছে প্ৰযোজক অমিত জানীয়ে । গীতটি পৰিচালনা কৰিছে শশাংক দুৰ্গবংশীয়ে ৷ এই ছবিখন জানি ফায়াৰফক্সৰ বেনাৰত নিৰ্মাণ কৰা হৈছে। ছবিখনত সহযোগী চৰিত্ৰত অভিনয় কৰা দেখা যাব শৃষ্টি বংসাল কাইৰা নেগী, মিছা নেগী, সুশান্ত ৰাণা, দাস, অমন আৰু সন্দেশক ।

লগতে পঢ়ক:Sunny Deol on Seema Haider: সীমা হাইদৰ আৰু অঞ্জুক লৈ ছানী দেওলৰ মন্তব্য প্ৰকাশ

লগতে পঢ়ক:Seema-Sachin love story: এইবাৰ ডাঙৰ পৰ্দাত দেখা যাব সীমা-শচীনৰ প্ৰেম কাহিনী

লগতে পঢ়ক:Seema Haider Case: পাকিস্তানী মহিলা সীমা হাইদৰৰ ভাৰতীয় নাগৰিকত্ব দাবী অধিবক্তাৰ

ABOUT THE AUTHOR

...view details