অসম

assam

ETV Bharat / entertainment

ইণ্ডিগ’ক লৈ কপিল শৰ্মাৰ-বিবেক অগ্নিহোত্ৰীৰ ক্ষোভ - বিবেক অগ্নিহোত্ৰী

Kapil Sharma and Vivek Agnihotri IndiGo: কমেডিয়ান অভিনেতা কপিল শৰ্মাই এক্স একাউন্টত পোষ্ট শ্বেয়াৰ কৰি ইণ্ডিগ’ৰ গাফিলতিৰ বাবে ক্ষোভ প্ৰকাশ কৰিছে ৷ সবিশেষ জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

Kapil Sharma and Vivek Agnihotri share a bad experience with an IndiGo flight, watch
ইণ্ডিগ’ৰ গাফিলতিৰ বাবে ক্ষোভ কপিল শৰ্মাৰ

By ETV Bharat Assamese Team

Published : Nov 30, 2023, 2:31 PM IST

চিটাৰা ডেস্ক, 30 নৱেম্বৰ:ইণ্ডিগ’ ফ্লাইটক লৈ খঙত অগ্নিশৰ্মা হৈ পৰিল জনপ্ৰিয় টেলিভিছন কমেডিয়ান অভিনেতা কপিল শৰ্মা । ছ’চিয়েল মিডিয়া একাউন্টত পোষ্ট শ্বেয়াৰ কৰি কপিল শৰ্মাই ব্যক্ত কৰিলে নিজৰ অভিজ্ঞতা ৷ বিমান পলম হোৱা আৰু পাইলট যাতায়তত আবদ্ধ হৈ পৰাৰ দৰে অৰ্থহীন অজুহাত দেখুৱাৰ বাবে বিমান সংস্থাটোৰ বিৰুদ্ধে ক্ষুব্ধ হৈ পৰে কমেডিয়ানগৰাকী । একে সময়তে ‘দ্য কাশ্মীৰ ফাইলছ’ৰ নিৰ্মাতা বিবেক অগ্নিহোত্ৰীয়েও ইণ্ডিগ’ ফ্লাইটৰ সেৱাক লৈ এটা পোষ্ট শ্বেয়াৰ কৰিছে ।

বুধবাৰে নিশা কপিল শৰ্মাই এক্স একাউন্টত ইণ্ডিগ’ক টেগ কৰি এটা পোষ্ট শ্বেয়াৰ কৰিছে । পোষ্টটো শ্বেয়াৰ কৰি কমেডিয়ানগৰাকীয়ে লিখিছে, ‘‘প্ৰিয় IndiGo6E, প্ৰথমে আপোনালোকে আমাক বাছত ৫০ মিনিট অপেক্ষা কৰিবলৈ বাধ্য কৰাইছিল আৰু এতিয়া আপোনাৰ দলটোৱে কৈছে যে পাইলট ট্ৰেফিকত আবদ্ধ হৈ আছে । কি ? সঁচাকৈ ? আমি নিশা ৮ বজাৰ ভিতৰত উৰা মাৰিব লাগিছিল আৰু ৯:২০ বাজিছে, এতিয়াও ককপিটত পাইলট নাই, এই ১৮০ গৰাকী যাত্ৰী আকৌ ইণ্ডিগ’ত ফ্লাই কৰিব বুলি ভাবিছেনে ? কেতিয়াও নকৰে, ইণ্ডিগ’ 6E 5149 নিৰ্লজ্জ ।’’

ইয়াৰ পিচত কপিলে বিমানখনৰ পৰা নামি অহা যাত্ৰীসকলৰ এটা ভিডিঅ’ শ্বেয়াৰ কৰি কয় যে বিমান সলনি কৰা হৈছে, গতিকে তেওঁলোকে টাৰ্মিনেললৈ উভতি যাব লগা হয় । আন এটা পোষ্টত শৰ্মাই কয়, ‘‘এতিয়া তেওঁলোকে সকলো যাত্ৰীক বিমানৰ পৰা নামিবলৈ কৈছে আৰু লগতে কৈছে আমি আপোনালোকক আন এখন বিমানত পঠিয়াম ৷ এতিয়া পুনৰ আমি নিৰাপত্তা পৰীক্ষাৰ বাবে টাৰ্মিনেললৈ উভতি যাব লাগিব ।’’

আনহাতে চলচ্চিত্ৰ নিৰ্মাতা বিবেক অগ্নিহোত্ৰীয়েও ইণ্ডিগ’ৰ বেয়া অভিজ্ঞতা শ্বেয়াৰ কৰি এটা দীঘলীয়া পোষ্ট কৰিছে । বিবেকে লিখিছে, ‘‘পুৱা ১১.১০ বজাত বিমানত উঠিলোঁ ৷ ১২.৪০ বাজিছে । ১.৩০ ঘণ্টা আৰু কেপ্টেইন আৰু ক্ৰুয়ে একো তথ্য প্ৰদান কৰা নাই । সমগ্ৰ বিশ্বতে কেতিয়াবা কেতিয়াবা বিমান পলম হয় যদিও যাত্ৰীসকলৰ প্ৰতি এনে উদাসীনতা IndiGo6E ৰ এক অনন্য গুণ । লগতে, পলম হোৱাৰ কাৰণ জানিব নোৱাৰি ? এই সকলোবোৰ অতি উন্নত AI চফট্ ৱেৰ কিহৰ বাবে ? দিশহাৰা ক্ৰুৰ সৈতে যাত্ৰীসকলক কিয় এচি সুৰংগত আবদ্ধ কৰি ৰাখিব লাগে ?’’

চলচ্চিত্ৰ নিৰ্মাতাগৰাকীয়ে লগতে লিখিছে, ‘‘শৌচাগাৰৰ গোটেই মজিয়াত টিছু পেপাৰেৰে লেতেৰা কৰি ৰখা হৈছিল । মানুহে পানী বিচাৰি চিঞৰিছে । প্ৰতিগৰাকী এয়াৰ হোষ্টেছে ইগৰাকী সিগৰাকীৰ ওপৰত দোষ জাপি দিছে । মই ইণ্ডিগ’ত খুব কমেইহে যাত্ৰা কৰো আৰু তেওঁলোকৰ ক্ৰু-ফ্লাইয়াৰৰ পাৰস্পৰিক ক্ৰিয়া-কলাপ সদায় কৰুণ বুলি ভাবো । বিচলিত হোৱাত ফ্লাইয়াৰ্ছৰ দোষ নাই । বিমান সংস্থা আৰু তেওঁলোকৰ ক্ৰুৱে তেওঁলোকৰ উদাসীনতা আৰু ক্ষোভ নিশ্চিত কৰে । যদি বিমান সেৱা ৩০ মিনিটতকৈ অধিক পলম হয়, তেন্তে বিমান সংস্থাসমূহে বিমান ভাড়াৰ এটা অংশ ঘূৰাই দিব নালাগেনে ? ’’

লগতে পঢ়ক:ৰণবীৰৰ এনিমেলৰ সন্মুখত থিয় দিছে ছেম বাহাদুৰ ! বিকি কৌশলৰ ছবিখনে অগ্ৰিম বুকিঙেৰে সংগ্ৰহ কৰিলে ইমান ধন

ABOUT THE AUTHOR

...view details