চিটাৰা ডেস্ক, 18 নৱেম্বৰ :কানাড়া চলচ্চিত্ৰ 'কান্তৰা'য়ে বক্স অফিচত তোলপাৰ লগাইছে । এই চলচ্চিত্ৰখনৰ উন্মাদনা ইমানেই বাঢ়িছে যে বৰ্তমানলৈকে চিনেমা গৃহত চলিয়েই আছে । ছবিখন চাবলৈ ছবিগৃহত দৰ্শকৰ ভিৰ এতিয়াও পৰিলক্ষিত হয় ৷ কিন্তু এতিয়া অনুৰাগীসকলে ছবিখন অ'টিটিলৈ অহাৰ বাবে আগ্ৰহেৰে অপেক্ষা কৰি আছে । নিশ্চয়কৈ বক্স অফিচত ভাল প্ৰদৰ্শন কৰা 'কান্তাৰা'য়ে অ'টিটিতো তোলপাৰ লগাব ।
'কান্তৰা' 2022 চনৰ আটাইতকৈ ডাঙৰ হিট ছবিসমূহৰ ভিতৰত এখন । সপ্তমী গৌড়া অভিনীত এই ছবিখন আগতে কেৱল কানাড়াত মুক্তি দিয়া হৈছিল । কিন্তু দৰ্শকৰ ইতিবাচক সঁহাৰিৰ পিছত, নিৰ্মাতাসকলে হিন্দীকে ধৰি বহুতো ভাষাত ছবিখন মুকলি কৰে । যোৱা কেইদিনমানৰ পৰা ছবিখনৰ অ'টিটি মুক্তিৰ বিষয়ে আলোচনা হৈ আছে । খবৰ অনুসৰি ছবিখন 4 নৱেম্বৰত আমাজন প্ৰাইম ভিডিঅ'ত মুক্তি দিয়াৰ কথা আছিল, কিন্তু মুকলি কৰা হোৱা নাছিল ।
24 নৱেম্বৰত কৰিব মুক্তি লাভ