অসম

assam

ETV Bharat / entertainment

Rishab Shetty comments on Rashmika: ৰশ্মিকা মান্দানাৰ সৈতে কাম কৰিব নিবিচাৰে ঋষভ শেট্টীয়ে !

কান্তাৰা খ্যাত ঋষভ শেট্টীৰ শেহতীয়া এক মন্তব্যই বিভাজনৰ সৃষ্টি কৰিছে ইণ্টাৰনেটত ৷ দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী সামান্থা, ৰশ্মিকা, কীৰ্তি সুৰেশ আৰু সাই পল্লৱীৰ কথা সোধোতে এটা সাক্ষাৎকাৰত তেওঁ ৰশ্মিকা সন্দৰ্ভত দিলে নেতিবাচক মন্তব্য ৷ কিনো ক’লে ঋষভে জানো আহকচোন-

By

Published : Nov 25, 2022, 5:22 PM IST

kantara
ৰশ্মিকা মান্দানাৰ সৈতে কাম কৰিব নিবিচাৰে ঋষভ শেট্টীয়ে!

চিটাৰা ডেস্ক, 25 নৱেম্বৰ :কান্তাৰাৰ অভূতপূৰ্ব সফলতা বাৰুকৈয়ে উপভোগ কৰিছে ছবিখনৰ সৈতে জড়িত প্ৰতিজন ব্যক্তিয়ে ৷ মুক্তিৰ দুমাহৰ পিছতো কান্তাৰাই বক্স অফিচত নিজৰ স্থিতি সুদৃঢ় কৰি ৰাখিছে ৷ চিনেমা হলত খলকনি লগোৱাৰ পিছত এতিয়া অটিটিতো দৰ্শকৰ মন জয় কৰিছে ছবিখনে ৷ অৱশ্যে অটিটিত ছবিখন সন্দৰ্ভত মিশ্ৰিত প্ৰতিক্ৰিয়া দেখিবলৈ পোৱা গৈছে দৰ্শকৰ পৰা ৷

কান্তাৰা ছবিখনৰ বাবে বাতৰিৰ শিৰোনামত থকা ঋষভ শেট্টীয়ে এইবাৰ অন্য এটা কথাৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে ৷ Gulte.com ৰ সৈতে হোৱা এক সাক্ষাৎকাৰত ঋষভে মন্তব্য কৰে বলীউডতো ভুমুকি মৰা দক্ষিণৰ জনপ্ৰিয় অভিনেত্ৰী ৰশ্মিকা মান্দানাৰ ওপৰত ৷ শেহতীয়াকৈ ৰশ্মিকাৰ পুৰণি ভিডিঅ’ এটা ছ’চিয়েল মিডিয়াত সাংঘাতিক ধৰণে ভাইৰেল হৈছে ৷ সেই ভিডিঅ’টোৰ ওপৰত ভিত্তি কৰিয়েই ঋষভে কয় যে তেওঁ ৰশ্মিকাৰ দৰে অভিনেত্ৰী পছন্দ নকৰে ৷

দৰাচলতে সাক্ষাৎকাৰত ঋষভক সোধা হৈছিল যে সামান্থা, ৰশ্মিকা, কীৰ্তি সুৰেশ আৰু সাই পল্লৱী, এই সকলৰ মাজত তেওঁ কাৰ সৈতে কাম কৰিবলৈ বিচাৰে ? উত্তৰত ঋষভে কয়,"স্ক্ৰীপ্ট শেষ হোৱাৰ পিছতহে মই অভিনেতা-অভিনেত্ৰী বাছনি কৰো ৷ মই নতুনকৈ অহা সকলৰ সৈতে কাম কৰিবলৈ বিচাৰো, কাৰণ তেওঁলোক কোনো ধৰণৰ সীমাত বান্ধ খাই নাথাকে" ৷ ওপৰত উল্লেখ কৰা অভিনেত্ৰী সকলৰ সন্দৰ্ভত তেওঁ লগতে কয়,"এই অভিনেত্ৰীসকল, মই এওঁলোকক ভাল নাপাওঁ ৷ কিন্তু, সাই পল্লৱী আৰু সামান্থাৰ কাম মোৰ ভাল লাগে" ৷

তাৰ পিছত ঋষভে তেওঁলোকৰ প্ৰশংসা কৰি তেওঁলোকক প্ৰকৃত শিল্পী হিচাপে অভিহিত কৰে ৷ বৰ্তমান সময়ৰ একোগৰাকী উন্নত মানৰ অভিনেত্ৰী হিচাপে তেওঁলোকৰ নাম উল্লেখ কৰে ৰশ্মিকা মান্দানাৰ নাম অবিহনে ৷

বহু পূৰ্বে Curly Tales ৰ সৈতে হোৱা এটা সাক্ষাৎকাৰত ৰশ্মিকাই কৈছিল যে অভিনয় তেওঁৰ প্ৰথম পছন্দ নহয় ৷ ফ্ৰেছ ফেচ খিতাপ লাভ কৰা প্ৰসংগত অভিনেত্ৰী গৰাকীয়ে জনাই যে এগৰাকী শিক্ষকৰ কথা মতেহে তেওঁ এই প্ৰতিযোগিতাত অংশ লৈছিল ৷ তেনেদৰেই ৰশ্মিকাই এই খিতাপ লাভ কৰে ৷ টাইমছ অৱ্ ইণ্ডিয়াৰ ফ্ৰণ্ট পেজত তেতিয়া ৰশ্মিকাৰ নামৰ সৈতে ফটো প্ৰকাশ হৈছিল ৷

তাৎপৰ্যপূৰ্ণভাৱে, সেই সময়তে ৰশ্মিকাই এটা প্ৰডাকচন হাউচৰ পৰা এটা ফোনকল লাভ কৰে, যিটো তেওঁ ধেমেলীয়া কল বুলি ভাবিছিল ৷ অনুৰাগীসকলে লক্ষ্য কৰে যে অভিনেত্ৰী গৰাকীয়ে প্ৰযোজনা গৃহটোৰ নাম উল্লেখ কৰাৰ পৰা বিৰত থাকে । সেই প্ৰযোজনা গৃহটো আছিল পৰমবাহ ষ্টুডিঅ'(Paramvah Studios), যাক ঋষভ শেট্টীৰ সৈতে এজন প্ৰিয় বন্ধু ৰক্ষিত শেট্টীয়ে সহ-প্ৰতিষ্ঠা কৰিছিল ।

ৰশ্মিকা মান্দন্নাই 2016 চনত ঋষভ শেট্টীৰ দ্বাৰা পৰিচালিত কিৰিক পাৰ্টীৰ জৰিয়তে অভিনয় জীৱনৰ আৰম্ভণি কৰিছিল ।

লগতে পঢ়ক :নিজৰ ব্যক্তিত্বৰ অধিকাৰ সুৰক্ষা বিচাৰি দিল্লী উচ্চতম ন্যায়ালয়ত গোচৰ তৰিলে বিগবিয়ে

ABOUT THE AUTHOR

...view details