অসম

assam

ETV Bharat / entertainment

Kanhaiya Twitter Pe Aaja Song : মুকলি হ’ল দ্য গ্ৰেট ইণ্ডিয়ান ফেমিলিৰ প্ৰথমটো গীত - কানহাইয়া টুইটাৰ পে আজা

বিকি কৌশলৰ অভিনীত ছবি দ্য গ্ৰেট ইণ্ডিয়ান ফেমিলিৰ গীত কানহাইয়া টুইটাৰ পে আজা মুক্তি লাভ কৰিছে। এই গীতটি কণ্ঠদান কৰিছে নকাশ আজিজে । গীতটিৰ কথা অমিতাভ ভট্টাচাৰ্যই লিখিছে আৰু প্ৰীতমে তেওঁৰ সংগীতেৰে ৰচনা কৰিছে।

Kanhaiya Twitter Pe Aaja Song released from Vicky Kaushal and Manushi Chhillar's TGIF
কানহাইয়া টুইটাৰ পে আজা গীত

By ETV Bharat Assamese Team

Published : Aug 30, 2023, 5:35 PM IST

চিটাৰা ডেস্ক, ৩০ আগষ্ট: বিকি কৌশল আৰু মনুষী চিল্লাৰৰ অভিনীত ছবি ‘দ্য গ্ৰেট ইণ্ডিয়ান ফেমিলি’ অতি সোনকালেই ছবিগৃহত মুক্তি লাভ কৰিব ৷ বিকি কৌশলক শেষবাৰৰ বাবে দেখা গৈছিল জাৰা হাটকে জাৰা বাচকে ছবিখনত ৷ এই ছবিখনত বিকি কৌশলক ছাৰা আলী খানৰ লগত অভিনয় কৰা দেখা গৈছিল ৷ এই ছবিখনে বক্স অফিচত ভাল ফলাফল দেখুৱাইছিল আৰু এতিয়া তেওঁৰ আগন্তুক ছবি ‘দ্য গ্ৰেট ইণ্ডিয়ান ফেমিলি’ৰ জৰিয়তে বক্স অফিচত ভাল ফলাফল দেখুৱাব বুলি কোৱা হৈছে ৷ ৩০ আগষ্টত অৰ্থাৎ আজি মুক্তি লাভ কৰিলে ছবিখনৰ প্ৰথমটো গীত ৷ গীতটিৰ নাম হৈছে 'কানহাইয়া টুইটাৰ পে আজা গীত'।

কমেডী-নাট্য ছবি ‘দ্য গ্ৰেট ইণ্ডিয়ান ফেমিলি’ৰ ‘কানহাইয়া টুইটাৰ পে আজা’ গীতটিত কণ্ঠদান কৰিছে গায়ক নাকাশ আজিজে । গীতটিৰ কথা লিখিছে অমিতাভ ভট্টাচাৰ্যই ৷ আনহাতে প্ৰীতমে ৰচনা কৰিছে গীতৰ সংগীত । গীতটিত ভজন কুমাৰৰ চৰিত্ৰত দেখা গৈছে বিকি কৌশলক । বিকি কৌশলে কানহাইয়াৰ লুকত বিটত নৃত্য প্ৰদৰ্শন কৰিছে । বিকি কৌশলৰ বিষয়ে কোৱা হয় যে তেওঁ বলীউডত বিভিন্ন ধৰণৰ চৰিত্ৰত অভিনয় কৰিব পাৰে ৷

কেতিয়া মুক্তি পাব ছবিখন ?

উল্লেখ্য যে, যশ ৰাজ বেনাৰত নিৰ্মিত ‘দ্য গ্ৰেট ইণ্ডিয়ান ফেমিলি’ ছবিখনৰ পৰিচালনা কৰিছে কৃষ্ণ আচাৰ্যই । মিছ ৱৰ্ল্ড ২০১৭ মনুষী চিল্লাৰক এই ছবিখনত বিকি কৌশলৰ বিপৰীতে দেখা যাব। এইখন মনুষীৰ দ্বিতীয়খন বলীউড ছবি হ’ব । ইয়াৰ পূৰ্বেও যশ ৰাজৰ বেনাৰত নিৰ্মিত সম্ৰাট পৃথ্ভাৰজ ছবিখনত অক্ষয় কুমাৰৰ সৈতে দেখা গৈছিল মনুষীক ৷ ‘দ্য গ্ৰেট ইণ্ডিয়ান ফেমিলি’ ছবিখনৰ ১৪ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি পাব। এতিয়া ছবিখনে দৰ্শকৰ পৰা কেনে সঁহাৰি লাভ কৰে সেয়া হ’ব লক্ষণীয় বিষয় ৷

লগতে পঢ়ক:Gadar 2 Rakshabandhan offer: ৰাখীবন্ধনত গদৰ 2 ৰ অফাৰ, দুটাৰ সৈতে দুটা টিকট বিনামূলীয়া, ক’ত বুক কৰিব জানি লওক

ABOUT THE AUTHOR

...view details