চিটাৰা ডেস্ক, 25 অক্টোবৰ:বলিউডৰ অভিনেত্ৰী কংগনা ৰানাৱট বৰ্তমান নিজৰ ছবি ‘তেজস’ৰ বাবে চৰ্চা লাভ কৰিছে । এই ছবিখনত অভিনেত্ৰীগৰাকীয়ে তেজস গিল নামৰ এগৰাকী যুৱতীৰ চৰিত্ৰত অভিনয় কৰিছে । ভাৰতীয় বায়ুসেনাৰ যুঁজাৰু বিমান তেজসৰ আধাৰত নিৰ্মিত কৰা হৈছে এই ছবিখন । এনে পৰিস্থিতিত শেহতীয়াকৈ কংগনাই ছবিখনৰ প্ৰচাৰৰ বাবে দিল্লীৰ ৰাজঘাটত উপস্থিত হৈছিল । দৰাচলতে তেজসৰ যুঁজাৰু বিমানখনৰ নাম ৰখা প্ৰাক্তন প্ৰধানমন্ত্ৰী অটল বিহাৰী বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জনাবলৈ সেই স্থানলৈ গৈছিল অভিনেত্ৰীগৰাকী । ছ’চিয়েল মিডিয়াতো ইয়াৰ ছবি প্ৰকাশ পাইছে । দিল্লীৰ অটল বিহাৰী বাজপেয়ী স্মাৰক পৰিদৰ্শন কৰে কংগনাই। ইয়াত অভিনেত্ৰীগৰাকীয়ে ফুল অৰ্পন কৰি বাজপেয়ীক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।
কংগনাৰ ছবি সম্প্ৰতি ইনষ্টাগ্ৰামত ভাইৰেল হৈ পৰিছে । ইয়াৰ পূৰ্বে দিল্লীৰ লব-কুশ ৰামলীলাত অভিনেত্ৰীগৰাকীয়ে ৰাৱণ দহন কৰিছিল আৰু এনে কৰা প্ৰথম মহিলা হিচাপে পৰিগণিত হৈছে কংগনা ৷ ইফালে কংগনাক বগা চিকনকাৰী অনাৰকলি চুটত অটল সমাধি স্থানত দেখা গ’ল । এই সাজত দেশৰ সাহসী ব্যক্তিজনক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে অভিনেত্ৰীগৰাকীয়ে । কংগনাৰ বাবে এয়া আছিল এক বিশেষ ক্ষণ । ‘তেজস’ ছবিখন মুক্তি পোৱাৰ পূৰ্বে কংগনাই বাজপেয়ীজীক শ্ৰদ্ধাঞ্জলি জনোৱাটো প্ৰয়োজনীয় বুলি বিবেচনা কৰিছিল ।