অসম

assam

By ETV Bharat Assamese Team

Published : Sep 13, 2023, 3:45 PM IST

ETV Bharat / entertainment

Kangana Ranaut : প্ৰধানমন্ত্ৰী মোদীক লৈ কংগনা ৰানাৱটৰ টুইট

প্ৰধানমন্ত্ৰী মোদীৰ পক্ষত থিয় দিলে কংগনা ৰানাৱটে ৷ শেহতীয়াকৈ মোদীৰ এটা ভিডিঅ’ ভাইৰেল হৈছিল য’ত তেওঁক সুৰাৰ গ্লাছ হাতত লোৱাত অস্বস্তি অনুভৱ কৰা দেখা গৈছিল ৷ এই সন্দৰ্ভত অভিনেত্ৰীগৰাকীয়ে এটা পোষ্ট শ্বেয়াৰ কৰিছে ৷ সবিশেষ জানিবলৈ পঢ়ক এই প্ৰতিবেদন ৷

Kangana Ranaut supports PM Modi on holding wine glass row, read actress x post
প্ৰধানমন্ত্ৰী মোদীৰ পক্ষত থিয় দিলে কংগনা ৰানাৱটে

চিটাৰা ডেস্ক, ১৩ ছেপ্টেম্বৰ: বলীউডৰ কুইন কংগনা ৰানাৱট প্ৰায়ে নিজৰ মন্তব্যৰ বাবে চৰ্চাত থাকে ৷ বলীউডৰ পৰা ৰাজনীতিলৈকে মুকলিকৈ নিজৰ মতামত প্ৰকাশ কৰাৰ বাবে পৰিচিত কংগনা । কংগনা ৰানাৱট সাহসী শৈলীৰ বাবে জনপ্ৰিয় । প্ৰায়ে বলীউডৰ ডাঙৰ ডাঙৰ পৰিচালক আৰু অভিনেতাৰ বিষয়ে নিজৰ মন্তব্য প্ৰকাশ কৰে কুইনে আৰু যাৰ বাবে বাতৰিৰ শিৰোনামত থাকে ৷ এইবাৰ পুনৰ চৰ্চালৈ আহিছে অভিনেত্ৰীগৰাকী ৷ অৱশ্যে এইবাৰ বলীউডৰ কোনো পৰিচালকক লক্ষ্য কৰি লোৱা নাই ৷ এইবাৰৰ বিষয় হৈছে- ৰাজনীতি ৷

এইবাৰ বলীউডৰ পৰিৱৰ্তে কংগনাক ৰাজনীতিৰ সৈতে জড়িত বিতৰ্কত জপিয়াই পৰা দেখা গৈছে । কংগনাই প্ৰায়ে নিজৰ মতামত দাঙি ধৰে আৰু স্পষ্টকৈ কয় । এতিয়া প্ৰধানমন্ত্ৰী মোদীৰ সৈতে জড়িত এটা বিষয়ত কংগনা ৰানাৱটে পুনৰবাৰ নিজৰ শক্তিশালী শৈলীৰে বিৰোধীক উপযুক্ত উত্তৰ দিছে ।

কংগনা ৰানাৱটে কি ক’লে ?

কংগনা ৰানাৱটে মঙলবাৰে এটা পোষ্ট শ্বেয়াৰ কৰিছে ৷ পোষ্টটোত কুইনে লিখিছে- কেনেকুৱা কলিযুগ আহিছে, যিজনে কেতিয়া জীৱ-জন্তুৰ মাংস বা তেজ খোৱা নাই, কেতিয়াও ধূমপান বা মদ সেৱন নাই তেনে এজন ইমান ভাল মানুহক অপমান কৰা হৈছে ৷ তেওঁ সুৰা ধৰি বতাহত উৰাব নাজানে, খাব নাজানে, সুৰা চিকিৎসা, ক্লিনিকেল আৰু বৈজ্ঞানিকভাৱে মানুহৰ বাবে ক্ষতিকাৰক বুলি ঘোষণা কৰা হৈছে ৷ জো বাইডেনে মাটিত বহি হাতেৰে খাদ্য খাব পাৰিব নে ? তেন্তে আমাৰ প্ৰধানমন্ত্ৰীক কিয় এনেদৰে হাৰাশাস্তি কৰা হৈছে ?

উল্লেখ্য যে, শেহতীয়াকৈ দেশৰ ৰাজধানী দিল্লীত অনুষ্ঠিত জি-২০ সন্মিলনত কংগনা ৰানাৱটে প্ৰধানমন্ত্ৰী মোদীক অভিনন্দন জনাইছিল । একে সময়তে কংগনা ৰানাৱটেও এই সন্মিলনৰ ভিডিঅ’ আৰু প্ৰধানমন্ত্ৰী মোদীৰ এখন ছবিও তেওঁৰ এক্স একাউণ্টত শ্বেয়াৰ কৰিছিল।

কংগনা ৰানাৱটৰ চলচ্চিত্ৰ ৱৰ্ক ফ্ৰন্টৰ কথা ক’বলৈ গ’লে চন্দ্ৰমুখী ছবিৰে দক্ষিণৰ ছবিত আত্মপ্ৰকাশ কৰিব । এই ছবিখন ২০২৩ চনৰ ছেপ্টেম্বৰ মাহত মুক্তি পাবলগীয়া আছিল যদিও মুক্তিৰ তাৰিখ পিছুৱাই দিয়া হৈছে ৷

লগতে পঢ়ক:Sunny Deol: ৮৭ বছৰীয়া ধৰ্মেন্দ্ৰৰ স্বাস্থ্যৰ অৱনতি! এই সন্দৰ্ভত কি ক’লে ছানী দেওল আৰু হেমা মালিনীয়ে

ABOUT THE AUTHOR

...view details