অসম

assam

ETV Bharat / entertainment

Tejas Box Office Collection: বক্স অফিচত সামান্য টকাও উপাৰ্জন কৰিব নোৱাৰিলে কংগনাৰ তেজস ছবিখনে

কংগনা ৰানাৱটৰ ছবি ‘তেজস'এ ছবিগৃহত দৰ্শকক আকৰ্ষণ কৰাত ব্যৰ্থ হৈছে ৷ ছবিখন মুক্তি পোৱাৰ চাৰিদিনৰ ভিতৰতে খেলা খতম হ’ল ছবিখনৰ ৷ এই পৰ্যন্তৰ বক্স অফিচ সংগ্ৰহ জানি লওক ৷

Kangana Ranaut starrer film Tejas Box Office Collection Day 4
তেজস বক্স অফিচ সংগ্ৰহ

By ETV Bharat Assamese Team

Published : Oct 30, 2023, 4:39 PM IST

চিটাৰা ডেস্ক, 30 অক্টোবৰ: 27 অক্টোবৰত ছবিগৃহত মুক্তি পালে কংগনা ৰানাৱটৰ ছবি ‘তেজস’। কিন্তু ছবিগৃহত মুক্তিৰ পিচতে যেন অনুৰাগীয়ে এই ছবিখনক নাকচ কৰিছে ৷ কিয়নো ছবিখনৰ ওপেনিং আছিল অতি কম ৷ এতিয়া মুক্তিৰ চাৰিদিনৰ ভিতৰতে যেন বক্স অফিচত ধৰাশায়ী হ’ল কংগনাৰ এই ছবিখন । 'তেজস' মুক্তিৰ চতুৰ্থ দিনা অৰ্থাৎ সোমবাৰে কিমান সংগ্ৰহ কৰিছে জানো আহক এই প্ৰতিবেদনত ৷

সোমবাৰে কিমান উপাৰ্জন কৰিলে তেজসে ?

বক্স অফিচত নিৰন্তৰ বিফলতাৰ সন্মুখীন হোৱা কংগনা ৰানাৱটৰ ‘তেজস’ৰ পৰা বহু আশা আছিল যদিও এই ছবিখনো ফ্লপ হোৱাৰ পথত ৷ ‘তেজস’ মুক্তিৰ প্ৰথম দিনাৰ পৰাই বক্স অফিচত সংগ্ৰাম কৰিবলগীয়া হৈছে ছবিখনে ।

এই পৰ্যন্ত ইমান হৈছে ছবিখনৰ উপাৰ্জন

তেজসে প্ৰথম দিনা সংগ্ৰহ কৰে ১.১১ কোটি টকা

দ্বিতীয় দিনা ছবিখনৰ উপাৰ্জন আছিল ২.৫১ কোটি টকা

তৃতীয় দিনাৰ উপাৰ্জন আছিল ৩.১২ কোটি টকা

এতিয়া ছবিখন মুক্তিৰ চতুৰ্থ দিন অৰ্থাৎ সোমবাৰৰ উপাৰ্জনৰ প্ৰাৰম্ভিক পৰিসংখ্যাও পোহৰলৈ আহিছে ।

ছেকনিল্কৰ প্ৰাৰম্ভিক ট্ৰেণ্ড ৰিপৰ্ট অনুসৰি সোমবাৰৰ ‘তেজস’ৰ উপাৰ্জন অতি হতাশাজনক। ইয়াৰ উপাৰ্জন হৈছে মাত্ৰ এক কোটি টকা ।

ইয়াৰ লগে লগে ৪ দিনত ‘তেজস’ৰ মুঠ উপাৰ্জন হৈছেগৈ ৭.৭৪ কোটি টকা ।

মাত্ৰ চাৰিদিনতে বক্স অফিচত ধৰাশায়ী হ’ল তেজস

ইতিমধ্যে দৰ্শকৰ বাবে ছবিগৃহত বহু ছবি উপলব্ধ থকাৰ সময়তে মুক্তি লাভ কৰিছে কংগনা ৰানাৱটৰ ছবি ‘তেজস’। থিয়েটাৰত থালাপথীৰ লিঅ’, গণপত, ফুক্ৰে ৩, মিছন ৰাণীগঞ্জ ইতিমধ্যে চলি আছে ৷ এতিয়া ইমানবোৰ ছবি দৰ্শকৰ বাবে ছবিগৃহত উপলব্ধ থকাৰ সময়ত, ‘তেজস’ ছবিখনে দৰ্শকক ছবিগৃহলৈ আকৰ্ষণ কৰাত ব্যৰ্থ হৈছে । কংগনাৰ ছবিখনৰ উপাৰ্জনৰ গতি অতি লেহেমীয়া আৰু পৰিস্থিতি এনেকুৱা যে মুক্তিৰ চাৰিদিনৰ ভিতৰতে শেষ হ’ল তেজসৰ খেলা ৷

লগতে পঢ়ক:Koffee With Karan 8: হঠাৎ কিয় ছ’চিয়েল মিডিয়াত ট্ৰ’লৰ সন্মুখীন হ’ল দীপিকা, সবিশেষ জানক এই প্ৰতিবেদনত

ABOUT THE AUTHOR

...view details