চিটাৰা ডেস্ক, 1 নৱেম্বৰ : বিতৰ্কৰ সৈতে ওতঃপ্ৰোতভাৱে জড়িত বুলি ক’লেও ভুল নহ’ব বলীউডৰ অভিনেত্ৰী কংগনা ৰনৌত ৷ প্ৰায়ে ছ’চিয়েল মিডিয়াত কিবা নহয়, কিবা বিষয়ত চৰ্চাত থাকে অভিনেত্ৰীগৰাকী ৷ প্ৰায়ে কংগনাই নিজৰ স্পষ্টবাদী মতামত ছ’চিয়েল মিডিয়াত প্ৰকাশ কৰা দেখা যায় । ভাৰতৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ হত্যাকাৰীক মহিমামণ্ডিত কৰাৰ অভিযোগত এইবাৰ বিতৰ্কিত গায়ক শুভৰ ওপৰত গৰজি উঠিল কংগনা ।
মঙলবাৰে অভিনেত্ৰীগৰাকীয়ে এটা পোষ্ট শ্বেয়াৰ কৰি কণ্ঠশিল্পী শুভৰ ওপৰত নিজৰ ক্ষোভ প্ৰকাশ কৰে । দৰাচলতে এটা কনচাৰ্টৰ সময়ত শুভে পঞ্জাৱৰ মানচিত্ৰ আৰু ইন্দিৰা গান্ধীৰ হত্যাৰ তাৰিখ উল্লেখ কৰা বুলি খবৰ পোৱা গৈছে । এই সন্দৰ্ভত এতিয়া প্ৰশ্ন উত্থাপন কৰিছে কংগনা ৰনৌটে ।
কংগনাই টুইট কৰি পাঞ্জাবী কণ্ঠশিল্পী শুভক লৈ উত্থাপন কৰে প্ৰশ্ন
কংগনাই নিজৰ টুইটত লিখিছে, ‘‘তেওঁলোকৰ দ্বাৰা এগৰাকী বৃদ্ধাক কাপুৰুষৰ দৰে কৰা হত্যাকাণ্ডক উদযাপন কৰা হৈছে, যাৰ নিৰাপত্তাৰ বাবে তেওঁলোকক নিয়োগ কৰা হৈছিল । যেতিয়া আপোনাক ৰক্ষা কৰিবলৈ বিশ্বাস কৰা হয়, কিন্তু আপুনি সেই আস্থা আৰু আত্মবিশ্বাসৰ সুযোগ লয় আৰু বিশ্বাসৰ অস্ত্ৰ ব্যৱহাৰ কৰি ৰক্ষা কৰাৰ পৰিৱৰ্তে হত্যা কৰে, তেতিয়া সেয়া সাহসৰ কাম নহয় বৰঞ্চ লজ্জাজনক কাপুৰুষৰ কাম ।’’