চিটাৰা ডেস্ক, 26 মে’: ছ’চিয়েল মিডিয়াত অতি সক্ৰিয় বলীউডৰ কুইন কংগনা ৰানাৱট (Kangana Ranaut Tweet)। বিভিন্ন সময়ত বিভিন্ন বিষয়ত বিৰ্তকিত মন্তব্য কৰি প্ৰায় লাইমলাইটত থাকে কংগনা ৷ ছ’চিয়েল মিডিয়াত যিকোনো বিষয়ত কংগনাই নিজৰ মতামত প্ৰকাশ কৰা দেখা যায়, যাৰ বাবে বহুবাৰ সমালোচনাৰো সন্মুখীন হ’ব লগা হয় অভিনেত্ৰীগৰাকী ৷ এইবাৰ পুনৰ টুইটাৰত এগৰাকী যুৱতীক লৈ মন্তব্য প্ৰকাশ কৰিছে কংগনাই (Kangana Ranaut Tweet) ৷
ঘটনাৰ বিৱৰণী অনুসৰি, এজন ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে টুইটাৰত এটা পোষ্ট শ্বেয়াৰ কৰিছিল য’ত এগৰাকী যুৱতীয়ে চুটি কাপোৰ পৰিধান কৰি হিমাচলৰ বৈজনাথ শিৱ মন্দিৰলৈ গৈছিল । ব্যৱহাৰকাৰীয়ে টুইট কৰি লিখিছে- এই দৃশ্য হিমাচলৰ জনপ্ৰিয় শিৱ মন্দিৰ বৈজনাথৰ । পাব বা নাইটক্লাবলৈ যোৱাৰ দৰে বৈজনাথ মন্দিৰত প্ৰৱেশ কৰিছে । এনে লোকক মন্দিৰত প্ৰৱেশ কৰিবলৈ দিয়া উচিত নহয় । মই ইয়াৰ তীব্ৰ বিৰোধিতা কৰিছো । এই সকলোবোৰ দেখি যদি মোৰ চিন্তাধাৰাক সৰু বুলি কোৱা হয়, তেন্তে সেয়াও গ্ৰহণযোগ্য ।’
এই সন্দৰ্ভত কংগনাই ব্যক্ত কৰে প্ৰতিক্ৰিয়া
এই টুইটটো ৰিটুইট কৰি কংগনাই কয় – এইবোৰ পশ্চিমীয়া কাপোৰ, যিবোৰ ব্ৰিটিছে নিৰ্মাণ কৰি প্ৰচাৰ কৰিছিল । এবাৰ মই ভেটিকানত আছিলো আৰু মই টি-চাৰ্টৰ সৈতে শ্বৰ্ট পৰিধান কৰিছিলো । যাৰ বাবেই মোক কেম্পাছত সোমাবলৈও দিয়া নহ’ল । হোটেললৈ গৈ সলনি কৰিব লগা হ’ল মোৰ ড্ৰেছ ৷ নাইট ড্ৰেছ পিন্ধা এইসকল কেজুৱেল কাপোৰত এলেহুৱা আৰু মূৰ্খ । তেওঁলোকৰ আন কোনো উদ্দেশ্য থাকিব বুলি মই নাভাবো কিন্তু এনে মূৰ্খৰ বাবে কঠোৰ নিয়ম থাকিব লাগে (Girl in shorts in Kangra twitter post) ।