চিটাৰা ডেস্ক, 9 অক্টোবক: 8 অক্টোবৰত মুক্তি লাভ কৰিছে কংগনা ৰানাৱটৰ ছবি 'তেজস'ৰ ট্ৰেইলাৰে ৷ ইফালে 2 অক্টোবৰত মুক্তি লাভ কৰিছিল ছবিখনৰ টিজাৰ ৷ ছবিখনৰ টিজাৰ আৰু ট্ৰেইলাৰত কেইবাটাও শক্তিশালী সংলাপ কোৱা দেখা গৈছে কংগনাক ৷ ইয়াৰে ভিতৰত এটা সংলাপ আছিল ‘ভাৰত কো ছেৰেংগে তো নহি ছোৰেংগে’ ৷ এই সংলাপটো এতিয়া ভাইৰেল হৈ পৰিছে ছ’চিয়েল মিডিয়াত ৷ দৰাচলতে কংগনাৰ অনুৰাগীয়ে এই সংলাপটো আৰু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ এটা পুৰণি ভিডিঅ’ৰ মাজত সাদৃশ্য বিচাৰি পাইছে ৷ ভিডিঅ’টোৰ পৰা অনুমান কৰিব পাৰি যে প্ৰধানমন্ত্ৰীৰ এই বক্তব্যৰ পৰা অনুপ্ৰাণিত কংগনাৰ ছবিখনৰ সংলাপ ।
শেহতীয়াকৈ কংগনাই এজন অনুৰাগীৰ টুইট শ্বেয়াৰ কৰিছিল, য’ত তেজসত তেওঁৰ সংলাপ আৰু ভিডিঅ’টোত পিএম মোদীৰ কথাৰ মাজত থকা সাদৃশ্যৰ ওপৰত আলোকপাত কৰা হৈছিল । ক্লিপটোত পি এম মোদীয়ে কৈছে, “ভাৰত কিছিকো ছেৰতা নহি, লেকিন অগৰ ভাৰত কো কৈ ছেৰতা হে তো, ভাৰত ওচকো ছোৰতা ভি নহি ৷” কংগনাই লিখিছে, “হা হা ক্ৰেডিট নিশ্চিতভাৱে দিব লাগে ।”
উল্লেখ্য যে, ভাৰতীয় বায়ুসেনা দিৱস উপলক্ষে যোৱা ৮ অক্টোবৰত মুক্তি লাভ কৰিছিল ‘তেজস’ৰ ট্ৰেইলাৰ । ছবিখনত কংগনাই বায়ুসেনাৰ পাইলট তেজস গিলৰ চৰিত্ৰত অভিনয় কৰিছে । ট্ৰেইলাৰত দেখা গৈছে যে তেওঁৰ উৰ্ধতন বিষয়াসকলে তেওঁক পাকিস্তানত সন্ত্ৰাসবাদীয়ে বন্দী কৰি ৰখা এজন ভাৰতীয় অভিযন্তাক, যি চোৰাংচোৱালৈ পৰিণত হৈছে,উদ্ধাৰৰ বাবে এক গুৰুত্বপূৰ্ণ অভিযানত নিযুক্তি দিয়ে । এই অভিযন্তাৰ হাতত দেশৰ সুৰক্ষাৰ বহু গুৰুত্বপূৰ্ণ তথ্য আছে ।
তেজস'ৰ কাহিনী কি ?