অসম

assam

ETV Bharat / entertainment

Kangana Ranaut controversy: কোন হয় কংগনাৰ Male Vesrion? নিজেই প্ৰকাশ কৰিলে কংগনাই - অক্ষয় কুমাৰ

কৰণ জোহৰক পুনৰ সমালোচনা অভিনেত্ৰী কংগনা ৰাণাৱটৰ (Kangana Ranaut criticizes Karan Johar) ৷ অক্ষয় কুমাৰৰ ছবি চেলফিক লৈ কি মন্তব্য কৰিলে কংগনা ৰাণাৱটে ? জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

Kangana Ranaut criticizes Karan Johar co produced film Selfiee on its release day
কৰণ জোহৰক সমালোচনা কংগনা ৰাণাৱটৰ

By

Published : Feb 25, 2023, 1:07 PM IST

চিটাৰা ডেস্ক, 25 ফেব্ৰুৱাৰী: কংগনা ৰাণাৱট আৰু বিৰ্তক - এটা মুদ্ৰাৰ ইপিঠি সিপিঠি (Kangana Ranaut controversy) ৷ বিভিন্ন সময়ত বিভিন্ন বিষয়ত বিৰ্তকিত মন্তব্য কৰি প্ৰায় লাইমলাইটত থাকে কংগনা ৷ কৰণ জোহৰ, বৰুণ গান্ধী, সঞ্জয় ৰাউট, জাষ্টিন ৰাও, দিলজিৎ দোছাঞ্জ আনকি টুইটাৰৰ লগতো বিতৰ্ক কংগনাৰ ৷ এইবাৰ পুনৰ বিতৰ্কিত মন্তব্য কৰি চৰ্চালৈ আহিছে কংগনা (Kangana Ranaut recent insta story about Selfie) ৷

উল্লেখ্য় যে শুকুৰবাৰে মুক্তি লাভ কৰিছে অক্ষয় কুমাৰ, ইমৰাণ হাচমী, নুশ্ৰত ভাৰুচা অভিনীত ছবি ‘চেলফি’ (Akshay Kumar Selfiee Movie)। অৱশ্যে ছবিখনে ৰিলিজৰ দিনটোত বিশেষ উপাৰ্জন কৰিব নোৱাৰিলে । এই ছবিখনৰ উপাৰ্জন অক্ষয়ৰ সৰ্বনিম্ন অপেনাৰ ছবি ‘বেল বটম’ তকৈও কম । প্ৰথম দিনা ‘চেলফি’ ছবিখনে মাত্ৰ ২ৰ পৰা ২.৫ কোটি টকাৰ ভিতৰত উপাৰ্জন কৰিবলৈ সক্ষম হৈছে । বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱটে ছবিখনৰ কম ব্যৱসায়ৰ বাবে প্ৰযোজক কৰণ জোহৰক শেহতীয়াকৈ সামাজিক মাধ্যম যোগে কটাক্ষ কৰিছে (Kangana Ranaut reaction on Selfiee) ।

কৰণ জোহৰক সমালোচনা কংগনা ৰাণাৱটৰ

কংগনাই নিজৰ ইনষ্টাগ্ৰাম একাউন্টত চেলফি সন্দৰ্ভত প্ৰথমটো পোষ্টত লিখিছে, ‘কৰণ জোহৰৰ ছবি চেলফিয়ে প্ৰথম দিনটোত বহু কষ্টেৰে ১০ লাখ টকা উপাৰ্জন কৰিছে । মই ট্ৰেড বা সংবাদ মাধ্যমৰ এগৰাকী কৰ্মীকো এই ছবিখনৰ বিষয়ে আলোচনা কৰা দেখা পোৱা নাই ৷ তেওঁলোকে মোক যিদৰে আমনি কৰে আৰু উপহাস বা ভাবুকি দিয়ে সেইবিলাক পাহৰিয়েই যাওক ।"

ইয়াৰ পিচত ইনষ্টাগ্ৰামত চেলফি সন্দৰ্ভত কংগনাই আন এটা পোষ্ট শ্বেয়াৰ কৰিছিল ৷ যিটো পোষ্টৰ শিৰোনাম আছিল , ‘কংগনা ৰানাউটৰ Male Version’ । এই শিৰোনামটো লিখি কংগনাই হাঁহি ইমোজিৰ সৈতে কেপচনত লিখিছে, ‘মই চেলফি ছবিখন ফ্লপ হোৱাৰ খবৰ বিচাৰি আছিলো ৷ কিন্তু চেলফিৰ পৰিবৰ্তে সকলো নিউজ চেনেলত কেৱল মোৰ খবৰ আছিল, অৰ্থাৎ কেৱল মোৰ বিষয়ে লিখা আছিল ৷ ইয়াত মোৰ কি দোষ আছে ।"

ৰ’ব কেৱল ইমানেই নহয়, ইনষ্টাগ্ৰামত কংগনাই আৰু কিছু কথা শ্বেয়াৰ কৰিছে । ইনষ্টাগ্ৰাম ষ্ট’ৰীত পুনৰবাৰ কংগনাই লিখিছে, ‘নিউজ চেনেলবোৰত শ শ প্ৰতিবেদন প্ৰচাৰ হৈছিল আৰু এই প্ৰতিবেদনসমূহত চেলফি ছবিখনৰ বিফলতাৰ দোষ মোৰ ওপৰত জাপি দিয়া হৈছে । অক্ষয় ছাৰে কৰণ জোহৰৰ নাম একেবাৰেই উল্লেখ কৰা নাই । এনেদৰে বলীউড মাফিয়াই বাতৰিৰ লগতো হেৰফেৰ কৰে ।"

কংগনাৰ এনে মন্তব্যৰ পিচত কৰণ জোহৰ আৰু অক্ষয় কুমাৰে কেনেদৰে ইয়াৰ প্ৰত্যুত্তৰ দিয়ে সেয়া হ’ব লক্ষণীয় বিষয় (Kangana Ranaut criticizes Karan Johar) ৷

প্ৰথম দিনাই কিমান উপাৰ্জন কৰিলে চেলফিয়ে ?

বাণিজ্য বিশ্লেষক তৰণ আদৰ্শই ‘চেলফি’ ছবিখনে প্ৰথম দিনটোৰ প্ৰাৰম্ভিক তথ্য টুইটাৰযোগে শ্বেয়াৰ কৰে । তৰণ আদৰ্শৰ শেহতীয়া টুইট অনুসৰি, নেশ্যনেল চেইনছত প্ৰথম দিনাই পিভিআৰত ৬৪ লাখ, আইএনঅ’এক্সত ৪৩ লাখ আৰু চিনেপলিছত ২৩ লাখ ব্যৱসায় কৰিছিল চেলফিয়ে । এইদৰে ছবিখনে মুকলিৰ দিনটোত মুঠ ১.৩০ কোটি টকা নেট বি অ’ চি (বক্স অফিচ সংগ্ৰহ) উপাৰ্জন কৰিবলৈ সক্ষম হয় ।

শুকুৰবাৰে টুইটাৰত তৰণ আদৰ্শই আন এটা পোষ্ট শ্বেয়াৰ কৰি কয় যে শুকুৰবাৰে বিয়লি ৪.৩০ বজালৈকে পিভিআৰত ২৮ লাখ টকা, ইন’ক্সত ২২ লাখ আৰু চিনেপলিছত ১৩ লাখ টকাৰ ব্যৱসায় কৰিছে চেলফিয়ে । এইদৰে ছবিখনে প্ৰথম দিনাই মুঠ ৬৩ লাখ টকা উপাৰ্জন কৰিছে।

ৰাজ মেহতাৰ পৰিচালিত ‘চেলফি’ হৈছে মালয়ালম ছবি ‘ড্ৰাইভিং লাইচেঞ্চ’ৰ অফিচিয়েল হিন্দী ৰিমেক, য’ত পৃথ্বীৰাজ আৰু সুৰজ ভেঞ্জাৰামুডুক মুখ্য চৰিত্ৰত দেখা গৈছিল । আনহাতে, হিন্দী সংস্কৰণত অক্ষয় কুমাৰ, ইমৰাণ হাছমী, নুশ্ৰত ভাৰুচা আৰু ডায়েনা পেণ্টীয়ে মুখ্য চৰিত্ৰত অভিনয় কৰিছে ।

লগতে পঢ়ক:Attack on Sonu Nigam: সংগীতানুষ্ঠানৰ মাজতেই জনপ্ৰিয় কন্ঠশিল্পী চনু নিগমক আক্ৰমণ

ABOUT THE AUTHOR

...view details