চিটাৰা ডেস্ক, 25 অক্টোবৰ: বলীউডৰ অভিনেত্ৰী কংগনা ৰানাৱটে তেওঁৰ ছবি ‘তেজস’ মুক্তিৰ পূৰ্বে ৰচিলে ইতিহাস । অভিনেত্ৰীগৰাকীয়ে দিল্লীৰ বিখ্যাত লব-কুশ ৰামলীলাত ৰাৱণ দহন কৰে । ৫০ বছৰৰ ইতিহাসত ৰাৱণ জ্বলোৱা প্ৰথমগৰাকী মহিলা হিচাপে পৰিগণিত হৈছে কংগনা । অৱশ্যে কংগনাৰ এটা ডাঙৰ ভুলৰ বাবে সম্প্ৰতি ছ’চিয়েল মিডিয়াত তেওঁক ব্যাপকভাৱে ট্ৰ’ল কৰা হৈছে । কংগনাৰ এই বিশেষ ক্ষণৰ কেইবাটাও ভিডিঅ’ পোহৰলৈ আহিছে ।
ৰাৱণক বধ কৰাত অসফল হ’ল নেকি কংগনা ?
আচলতে মঙলবাৰে দিল্লীত অনুষ্ঠিত হোৱা লব-কুশ ৰামলীলাত ৰাৱণ দহন কৰিবলৈ আমন্ত্ৰণ জনোৱা হৈছিল কংগনা ৰানাৱটক । অভিনেত্ৰীগৰাকীয়ে ৰাৱণক বধ কৰাৰ এটা ভিডিঅ’ সম্প্ৰতি পোহৰলৈ আহিছে । ভিডিঅ’টোত অভিনেত্ৰীগৰাকীক কাঁড় মাৰি থকা দেখা গৈছে, অৱশ্যে তিনিবাৰ একেৰাহে চেষ্টা কৰে কাঁড় মাৰিবলৈ ৷ কিন্তু লক্ষ্যত শৰ মাৰিবলৈ অসফল হয় কংগনা ৷ ভিডিঅ’টোত ভক্তপ্ৰাণ ৰাইজে জয় শ্ৰীৰাম শ্ল’গান দিয়াৰ সময়তে কংগনাই ধনু-কাঁড় ধৰি থকা দেখা গৈছে । অভিনেত্ৰীগৰাকীয়ে তিনিবাৰ কাঁড় নিক্ষেপ কৰিবলৈ চেষ্টা কৰে যদিও তিনিওবাৰেই অভিনেত্ৰীগৰাকীৰ প্ৰচেষ্টা অথলে যায় । ইয়াৰ পিচত কমিটীৰ এজন সদস্যই তেওঁক কাঁড় মাৰি ৰাৱণ জ্বলোৱাত সহায় কৰে ।
ভিডিঅ’টো ভাইৰেল হোৱাৰ পিচতে ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে কংগনাক ট্ৰ’ল কৰে