চিটাৰা ডেস্ক, 24 নৱেম্বৰ :দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ চুপাৰষ্টাৰ কমল হাছানৰ বিষয়ে গুৰুত্বপূৰ্ণ তথ্য ওলাইছে । কমল হাছানৰ স্বাস্থ্যৰ অৱনতি ঘটাৰ পিছত 24 নৱেম্বৰৰ ৰাতিপুৱা চেন্নাইৰ এখন ব্যক্তিগত চিকিৎসালয় শ্ৰী ৰামচন্দ্ৰ চিকিৎসা কেন্দ্ৰত ভৰ্তি কৰোৱা হৈছিল (Kamal Haasan health news) । সংবাদ মাধ্যমৰ বাতৰি অনুসৰি, অভিনেতাজনক নিয়মীয়া পৰীক্ষাৰ বাবে চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল । শেহতীয়া আপডেট অনুসৰি, 68 বছৰীয়া অভিনেতাজনক চিকিৎসালয়ৰ পৰা অব্যাহতি দিয়া হৈছে আৰু ঘৰলৈ প্ৰেৰণ কৰা হৈছে । চিকিৎসকে অভিনেতাজনক সম্পূৰ্ণ বিশ্ৰাম ল'বলৈ পৰামৰ্শ দিছে । কমলক যোৱা নিশা অস্বস্তিত ভোগাৰ পিছত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল আৰু মৃদু জ্বৰতো তেওঁ ভূগি আছিল ।
অভিনেতাজনৰ ৱৰ্কফ্ৰন্ট
ৱৰ্ক ফ্ৰণ্টৰ কথা ক’বলৈ গ’লে কমল হাছানে বৰ্তমান প্ৰবীণ দক্ষিণ পৰিচালক এছ শংকৰৰ ছবি ‘ইণ্ডিয়ান 2’ৰ বাবে প্ৰস্তুতি চলাই আছে । ইয়াৰ উপৰিও হিট ৰিয়েলিটী শ্ব’ ‘বিগ বছ তামিল’ত ব্যস্ত । ইয়াৰ সমান্তৰালকৈ ৰাজনীতিতো সক্ৰিয় অভিনেতাগৰাকী ।