চিটাৰা ডেস্ক, 19 জানুৱাৰী :২২ জানুৱাৰীত অযোধ্যাত আয়োজিত ৰাম মন্দিৰ প্ৰাণ প্ৰতিষ্ঠা অনুষ্ঠানক লৈ কণ্ঠশিল্পী কৈলাশ খেৰ অতিশয় উৎসাহিত । ইফালে তেওঁ নিজৰ কৌতুহল প্ৰকাশ কৰি কয়, ‘‘মই ৰাম নগৰীলৈ যাবলৈ পাই অতিশয় উৎসাহিত হৈছো ।’ ইয়াৰ সমান্তৰালকৈ গায়ক কৈলাশ খেৰে তেওঁৰ শেহতীয়া গীত ‘ৰাম কা ধাম’ অযোধ্যাৰ ৰাম মন্দিৰৰ নামত উৎসৰ্গা কৰিছে’’ ।
আপোনালোকক জনাওঁ যে আগন্তুক ২২ জানুৱাৰীত অনুষ্ঠিত হ’বলগীয়া ৰাম মন্দিৰ অভিষেক অনুষ্ঠানলৈ ‘ৰাম কা ধাম’ শীৰ্ষক গীতটোৰ গায়ক কৈলাশ খেৰক আমন্ত্ৰণ জনোৱা হৈছে । অযোধ্যাত অনুষ্ঠিত ৰাম মন্দিৰ উদ্বোধনী অনুষ্ঠানৰ অতিথিসকলৰ তালিকাৰ অন্যতম আমন্ত্ৰিত কণ্ঠশিল্পী কৈলাশ খেৰ ।
এই আপাহতে তেওঁ নিজৰ নতুন গীত ‘ৰাম কা ধাম’ৰ বিষয়ে উল্লেখ কৰি কয়, ‘‘গোটেই দেশখনে এই শুভ মন্দিৰ উদ্বোধনৰ বাবে অপেক্ষা কৰি আছে । আৰু যেন আমি দীপাৱলী উদযাপন কৰিছো । সমগ্ৰ বিশ্বই এই দিনটোৰ অপেক্ষাৰে এটা এটা দিন উদযাপন কৰি আছে । কৈলাশ খেৰে লগতে আৰু কয় যে, ‘ৰাম কা ধাম গীতটোৱে ৰাম মন্দিৰৰ আঁৰৰ কাহিনী আৰু ইয়াৰ যন্ত্ৰণা বৰ্ণনা কৰিছে’’ ।