অসম

assam

ETV Bharat / entertainment

Kailash Kher latest news:কনচাৰ্টৰ সময়ত কৈলাশ খেৰলৈ বটল নিক্ষেপ কৰিলে আক্ৰমণকাৰীয়ে - গায়ক কৈলাশ খেৰৰ ওপৰত আক্ৰমণ

কৰ্ণাটকত অনুষ্ঠিত হৈ থকা হাম্পি উৎসৱৰ সময়ত এটা সংগীতানুষ্ঠানত ভাগ লৈছিল গায়ক কৈলাশ খেৰে ৷ উক্ত কনচাৰ্টত গীত পৰিৱেশন কৰি থকাৰ সময়ত মঞ্চতে অপদস্থ হয় সংগীত শিল্পীজন (kailash kher latest news) ৷ সবিশেষ আগলৈ-

kailash kher
অনুষ্ঠানৰ সময়ত আক্ৰমণৰ বলি হ’ল কৈলাশ খেৰ

By

Published : Jan 30, 2023, 12:34 PM IST

Updated : Jan 30, 2023, 1:33 PM IST

চিটাৰা ডেস্ক, 30 জানুৱাৰী :বলীউডৰ জনপ্ৰিয় গায়ক কৈলাশ খেৰৰ ওপৰত আক্ৰমণৰ ঘটনা সংঘটিত হৈছে ৷ কৰ্ণাটকত এই অস্বাভাৱিক পৰিস্থিতিৰ সন্মুখীন হয় গায়কজন (Kailash Kher latest news) ৷ ৰাজ্যখনত অনুষ্ঠিত হৈ থকা হাম্পি উৎসৱত অংশ ল’বলৈ গৈ এই অভাৱনীয় ঘটনাৰ সন্মুখীন হয় তেৰী দিৱানী খ্যাত গায়ক কৈলাশ খেৰ ৷

জানুৱাৰী 27 তাৰিখৰ পৰা কৰ্ণাটকত আৰম্ভ হৈছিল হাম্পি উৎসৱ ৷ এই উৎসৱৰ লগত সংগতি ৰাখি অনুষ্ঠিত কৰা হৈছিল সংগীত অনুষ্ঠান য’ত জনপ্ৰিয় কণ্ঠশিল্পী কৈলাশ খেৰে নিজৰ সংগীতৰ যাদুৰে উপস্থিত দৰ্শকক মোহাচ্ছন্ন কৰি ৰাখিছিল ৷ কিন্তু তাৰ মাজতে ঘটিল এক অভাৱনীয় ঘটনা ৷ দৰ্শকৰ শাৰীত ৰৈ থকা দুজন ল’ৰাই শিল্পী জনলৈ দলিয়াই দিলে বটল (Kailash Kher news) ৷

দৰাচলতে মঞ্চত উঠাৰে পৰা কৈলাশে কেৱল হিন্দী গীতেই পৰিৱেশন কৰি আছিল (Kailash Kher concert) ৷ দুয়োজন ল’ৰাই কানাড়া গান গাবৰ বাবে শিল্পী জনক অনুৰোধ কৰি আছিল ৷ এটা সময়ত অতিষ্ঠ হৈ তেওঁলোকে শিল্পী জনক বটল দলিয়াই আক্ৰমণ কৰে ৷ সমগ্ৰ ঘটনাটো এইদৰে বিৱৰণ কৰে পুলিচে ৷

স্থানীয় যুৱক দ্বয় প্ৰদীপ (22) আৰু সুৰাহ (21) ক আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে ৷ এই ঘটনা সন্দৰ্ভত তেওঁলোকৰ বক্তব্যও গ্ৰহণ কৰা হৈছে ৷

লগতে পঢ়ক :Mission Majnu: ভুল উপস্থাপনক লৈ পাকিস্তানী অভিনেতাৰ ক্ষোভ

Last Updated : Jan 30, 2023, 1:33 PM IST

ABOUT THE AUTHOR

...view details