চিটাৰা ডেস্ক, 11 জুন :পপ গায়ক জাষ্টিন বিবাৰৰ অনুৰাগীসকলৰ বাবে দুঃখবৰ । গায়কজন এটা ভাইৰাছৰ দ্বাৰা আক্ৰান্ত হৈছে ৷ এই খবৰটো নিজেই তেওঁ ইনষ্টাগ্ৰামত এটা ভিডিঅ’ৰ জৰিয়তে প্ৰকাশ কৰিছে (Justin Bieber instagram) ৷
জাষ্টিন Ramsay hunt syndrome ত আক্ৰান্ত হৈছে ৷ এটা ভাইৰাছ যিয়ে কাণৰ আৰু মুখৰ শিৰা উপশিৰাত আক্ৰমণ কৰাৰ ফলত সেই অংশ কাম নাইকিয়া হৈ পৰে ৷ এই ঘটনাৰ পৰিপ্ৰেক্ষিতত গায়কজনে সকলো অনুষ্ঠান বাতিল কৰিছে ৷ তেওঁ চিকিৎসাৰ বাবে ছুটিত আছে (Justin Bieber latest news) ৷
জাষ্টিনে ভিডিঅ’টোৰ জৰিয়তে তেওঁৰ অনুৰাগী আৰু অনুষ্ঠানৰ আয়োজক সকলৰ আগত ক্ষমা বিচাৰে আৰু সকলোকে নিজৰ প্ৰাৰ্থনাত তেওঁক ৰাখিবলৈ অনুৰোধ জনায় ৷
কেৱল সেয়াই নহয়, জাষ্টিনে এই ভিডিঅ'টোত অনুৰাগীসকলক দেখুৱাইছে যে কেনেকৈ তেওঁৰ এটা চকু জাপ নমৰাকৈ থাকে ৷ তেওঁ হাঁহিবও পৰা নাই । এইটো তৃতীয়বাৰৰ বাবে জাষ্টিনৰ বিশ্ব ভ্ৰমণ বাতিল কৰা হৈছে । ইতিমধ্যে, কৰ’নাৰ বাবে অনুষ্ঠানটো দুবাৰ পিছুৱাব লগা হৈছিল ।
জাষ্টিনৰ এই ভিডিঅ'টো লাখ লাখ অনুৰাগীয়ে লাইক কৰিছে আৰু তেওঁৰ আশু আৰোগ্য কামনা কৰিছে । জাষ্টিনৰ 18 অক্টোবৰত ভাৰতত এটা অনুষ্ঠান আছে । অনুৰাগীসকলে আশা কৰিছে যে তেওঁ সোনকালেই সুস্থ হ'ব আৰু ভাৰতলৈ আহিব ৷ জাষ্টিন ২০১৭ চনত ভাৰতলৈ আহিছিল । কিন্তু গৰমৰ বাবে তেওঁ তিনি দিনৰ পৰিৱৰ্তে এদিন অনুষ্ঠান কৰিয়েই গুচি গৈছিল ।
লগতে পঢ়ক:Mahima Chaudhary news:দুমাহ কিয় স্কুল বাদ দিছিল মহিমা চৌধুৰীৰ জীয়েকে?