চিটাৰা ডেস্ক, 2 ডিচেম্বৰ : বলীউডৰ বিখ্যাত কণ্ঠশিল্পী জুবিন নৌটিয়ালৰ অনুৰাগীৰ বাবে এটা বেয়া খবৰ । জুবিনক চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । আচলতে চিৰিৰ পৰা বাগৰি পৰা জুবিন গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হৈছে । কপালত যথেষ্ট আঘাত পাইছে তেওঁ । জুবিন নৌটিয়ালক মুম্বাইৰ এখন চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে । মধুৰ কণ্ঠৰ অধিকাৰী জুবিনৰ দুৰ্ঘটনা সন্দৰ্ভত পোৱা শেহতীয়া খবৰ অনুসৰি তেওঁৰ কঁকালৰ হাড় ভাঙি গৈছে বুলি জানিব পৰা গৈছে ।
মূৰ, কপাল আৰু হাড়ৰ আঘাত গুৰুতৰ বুলি জানিব পৰা গৈছে (Jubin Nautiyal Accident)। জুবিনৰ সোঁহাতৰ অপাৰেচন কৰা হ’ব । ডাক্তৰে তেওঁক সোঁহাতখন বেছি ব্যৱহাৰ নকৰিবলৈ পৰামৰ্শ দিছে ।