অসম

assam

ETV Bharat / entertainment

RRR star Jr NTR: ছবি জগত ত্যাগ কৰিব নেকি তাৰকা জুনিয়ৰ এন টি আৰে ? কি ক’লে তাৰকাগৰাকীয়ে - ছুপাৰহিট গীত নাটু নাটু

ছবি জগত ত্যাগ কৰিব নেকি তাৰকা জুনিয়ৰ এন টি আৰে ? এক অনুষ্ঠানত ক’লে এই ডাঙৰ কথা (RRR star Jr NTR) ৷ সবিশেষ জানিবলৈ পঢ়ক এই সম্পূৰ্ণ প্ৰতিবেদন ৷

Jr NTR says he will quit films, leaves fans in shock
ছবি জগত ত্যাগ কৰাৰ কথা কি ক’লে তাৰকা জুনিয়ৰ এন টি আৰে

By

Published : Mar 20, 2023, 8:57 PM IST

চিটাৰা ডেস্ক, 20 মাৰ্চ:৯৫ সংখ্যক একাডেমী বঁটা প্ৰদান অনুষ্ঠানত অংশগ্ৰহণ কৰি সম্প্ৰতি ভাৰতলৈ উভতি আহে দক্ষিণৰ ছুপাৰষ্টাৰ জুনিয়ৰ এন টি আৰ (Song Naatu Naatu) ৷ অভিনেতাগৰাকীৰ অভিনীত ছবি আৰ আৰ আৰৰ ছুপাৰহিট গীত নাটু নাটুৱে শ্ৰেষ্ঠ মৌলিক গীতৰ বাবে ৯৫ সংখ্যক একাডেমী বঁটা লাভ কৰিছে (Oscars 2023) ৷

বৰ্তমান অভিনেতাগৰাকী ব্যস্ত হৈ পৰিছে নিজৰ আগন্তুক ছবি "দাস কা ধামকী"ক লৈ (Das Ka Dhamki) ৷ ছবিখন সাফল্যমণ্ডিত কৰি তুলিবলৈ অভিনেতাগৰাকী ব্য়স্ত হৈ পৰিছে ছবিখনৰ প্ৰমোচনত ৷ সেই অনুসৰিয়েই বিশ্বক সেনৰ ছবি দাস কা ধামকীৰ প্ৰি-ৰিলিজ ইভেণ্টলৈ গৈছিল অভিনেতাগৰাকী ৷ এই ইভেণ্টত অনুৰাগীৰ সৈতে ইন্টাৰেকচন কৰে দক্ষিণৰ ছুপাৰষ্টাৰগৰাকী (Jr NTR says he will quit films) ।

ইন্টাৰেকচনৰ সময়ত অনুৰাগীসকলে আগ্ৰহেৰে তেওঁৰ আগন্তুক প্ৰজেক্টৰ বিষয়ে প্ৰশ্ন কৰে (RRR star Jr NTR) ৷ এই প্ৰশ্নৰ উত্তৰত ছুপাৰষ্টাৰগৰাকীয়ে এনে এটা মন্তব্য কৰে যিয়ে তেওঁৰ অনুৰাগীসকলক স্তম্ভিত কৰি তোলে । আচলতে এগৰাকী অনুৰাগীয়ে অভিনেতাগৰাকীক প্ৰশ্ন কৰিছিল, "আপোনাৰ আগন্তুক প্ৰজেক্ট কি হ’ব ?" ৷ এই প্ৰশ্নৰ উত্তৰত অভিনেতাগৰাকীয়ে ধেমালিতে কয়, "আপোনালোকে আগন্তুক ছবিৰ বিষয়ে সুধি থাকিলে মই ছবিত অভিনয় কৰা বন্ধ কৰি দিম । মই কোনো ছবিত অভিনয় নকৰো । আপোনালোকে মোক বেছিকৈ সুধি থাকিলে মই ছবি নিৰ্মাণ বন্ধ কৰি দিম ।"

অৱশ্যে ইয়াৰ পিচতে অভিনেতাগৰাকীয়ে অনুৰাগীসকলক আশ্বাস দিয়ে যে, তেওঁৰ ছবি নিৰ্মাণ বন্ধ কৰাৰ কোনো পৰিকল্পনা নাই আৰু অতি সোনকালে পুনৰ পৰ্দাত মুক্তি লাভ কৰিব তেওঁৰ ছবি ৷ উল্লেখ্য যে, জুনিয়ৰ এন টি আৰক তেওঁৰ পৰৱৰ্তী ছবি কোৰাটালা শিৱত জাহ্নৱী কাপুৰৰ সৈতে দেখা পোৱা যাব । ছবিখন মুক্তি লাভ কৰিব ২০২৪ চনৰ ৫ এপ্ৰিলত (Jr NTR upcoming film)।

ইফালে, সামাজিক মাধ্যমত লাভ কৰা এটা ভিডিঅ’ত অভিনেতাগৰাকীয়ে এজন অনুৰাগীক ৰক্ষা কৰা দেখা পোৱা গৈছিল ৷ ভিডিঅ’টো একেটা অনুষ্ঠানৰে বুলি অনুমান কৰা হৈছে ৷ জুনিয়ৰ এন টি আৰ ওলাই অহাৰ লগে লগে এজন অনুৰাগীয়ে তেওঁৰ ওচৰলৈ লৰালৰিকৈ আহি কঁকালত ধৰিছিল । প্ৰথমতে অভিনেতাগৰাকী স্তম্ভিত হৈছিল যদিও সেয়া ফেন বুলি গম পোৱাৰ পিচত তেওঁ নিজৰ নিৰাপত্তাৰক্ষীক শান্ত কৰি অনুৰাগীজনৰ সৈতে চেলফিৰ বাবে পোজ দিছিল ।

লগতে পঢ়ক:Amit Shah meets Ram Charan: RRRৰ প্ৰশংসাত পঞ্চমুখ গৃহমন্ত্ৰী, টুইটাৰযোগে এনেদৰে জনালে শুভেচ্ছা

ABOUT THE AUTHOR

...view details