চিটাৰা ডেস্ক, 11 জুলাই :বলীউডৰ জনপ্ৰিয় অভিনেতা জন আব্ৰাহাম তেওঁৰ মুক্তি পাবলগীয়া চলচ্চিত্ৰৰ বাবে চৰ্চাত আছে । বৰ্তমান তেওঁ 'এক ভিলেন ৰিটাৰ্ণছ' বোলছবিখনৰ প্ৰচাৰ কৰি আছে য'ত তেওঁৰ সৈতে অৰ্জুন কাপুৰ, তাৰা চুটাৰিয়া আৰু দিশা পাটানীয়ে অভিনয় কৰিব ।
প্ৰচাৰৰ সমান্তৰালকৈ জন আব্ৰাহামে তেওঁৰ পৰৱৰ্তী চলচ্চিত্ৰৰো কাম-কাজ আৰম্ভ কৰিছে । জন আব্ৰাহামক এক্সন থ্ৰিলাৰ ছবি 'তেহৰাণ'ত দেখিবলৈ পোৱা যাব (John Abraham new movie tehran) । তেওঁ ইতিমধ্যেই ছবিখনৰ দৃশ্যগ্ৰহণ আৰম্ভ কৰিছে আৰু এতিয়া ছবিখনৰ পৰা জনৰ প্ৰথম লুকটোও সন্মুখলৈ আহিছে ।
মেডৰক ফিল্মছে জন আব্ৰাহামৰ পৰৱৰ্তী চলচ্চিত্ৰখনৰ কথা ঘোষণা কৰিছে আৰু অভিনেতাজনৰ চেহেৰা প্ৰকাশ কৰি এটা ভিডিঅ' টুইটাৰত শ্বেয়াৰ কৰিছে । অতি কম ছেকেণ্ডৰ ভিডিঅ'টোত জনক এক শক্তিশালী ৰূপত দেখা গৈছে । জনৰ প্ৰথম চেহেৰাটো শ্বেয়াৰ কৰি মেডৰক ফিল্মছে টুইটাৰত লিখিছে যে লাইট, কেমেৰা আৰু অলপ এক্সনৰ সৈতে তেহৰাণৰ শ্বুটিং আৰম্ভ হৈছে (John Abraham latest updates)। জনেও ভিডিঅ'টো ইনষ্টাগ্ৰামত শ্বেয়াৰ কৰিছে যিটো অনুৰাগীসকলে সাংঘাতিক ভাল পাইছে ।
প্ৰকৃত ঘটনাৰ ওপৰত আধাৰিত জনৰ এক্সন থ্ৰিলাৰ ছবিখন অৰুণ গোপালনৰ দ্বাৰা পৰিচালিত । ইৰাণত দৃশ্যগ্ৰহণ কৰা হ'ব ছবিখনৰ । ছবিখনৰ কাহিনী ৰীতেশ শ্বাহ আৰু আশীষ প্ৰকাশৰ । ছবিখন ২০২৩ চনত গণৰাজ্য দিৱসত মুক্তি দিয়া হ’ব ।
লগতে পঢ়ক:প্ৰতিবাৰৰ দৰেই ঈদৰ পৰম্পৰা ৰক্ষা কৰি এইবাৰো অনুৰাগীক দৰ্শন দিলে কিংখানে