চিটাৰা ডেস্ক, 10 মে’: বলীউডৰ অভিনেতা নৱাজুদ্দিন ছিদ্দিকী আৰু নেহা শৰ্মা অভিনীত ছবি ‘জোগিৰা চাৰা ৰা ৰা’ চাবলৈ অধিক অপেক্ষা কৰিব লাগিব দৰ্শকে । কিয়নো শুকুৰবাৰে ছবিখনৰ সন্দৰ্ভত এক ঘোষণা কৰিছে নিৰ্মাতাই ৷ ছবিখনৰ মুক্তিৰ তাৰিখ সলনি কৰিছে নিৰ্মাতাসকলে । পূৰ্বে ছবিখন 12 মে’ত মুক্তি লাভ কৰিব বুলি কোৱা হৈছিল ৷ যদিও নতুন তাৰিখ অনুসৰি ছবিখন ১২ মে’ৰ পৰিৱৰ্তে ২৬ মে’ত মুক্তি লাভ কৰিব (Jogira Sara Ra Ra Release Postponed)।
কুশন নন্দীৰ পৰিচালিত যোগীৰা চাৰা ৰা ৰা ছবিখনৰ প্ৰচাৰ পূৰ্ণগতিত চলি আছে । হঠাৎ ১২ মে’ত ছবিখনৰ মুক্তিৰ তাৰিখ পিছুৱাই দিয়াৰ তথ্য দিয়ে নিৰ্মাতাসকলে । এই প্ৰেম নাটক ছবিখনৰ বাবে অপেক্ষা কৰি আছিল অনুৰাগীসকল (Nawazuddin Siddiquis Jogira Sara Ra Ra) ।
শেহতীয়াকৈ ছবি সমালোচক তৰণ আদৰ্শে এই ছবিখনৰ সন্দৰ্ভত টুইটাৰত এটা পোষ্ট শ্বেয়াৰ কৰিছে (Jogira Sara Ra Ra New Release Date) ৷ ‘জোগীৰা চাৰা ৰা ৰা’ ছবিখনৰ মুক্তি পিছুৱাই দিয়া আৰু নতুন তাৰিখৰ তথ্য শ্বেয়াৰ কৰি টুইটাৰ পোষ্টটোত তৰণ আদৰ্শে লিখিছে, "এই শুকুৰবাৰে মুক্তি পাবলগীয়া ছবিৰ সংখ্যা বিবেচনা কৰি ২ সপ্তাহ বৃদ্ধি কৰাৰ সিদ্ধান্ত লোৱা হয় । এতিয়া ২৬ মে’ত মুক্তি পাব ছবিখন ।"