অসম

assam

By ETV Bharat Assamese Team

Published : Dec 14, 2023, 4:23 PM IST

ETV Bharat / entertainment

​সম্পাদক নহয় এইবাৰ নেতাৰ ৰূপত Panchayatৰ অভিনেতা জিতেন্দ্ৰ কুমাৰ

Dry Day Trailer Released: প্ৰাইম ভিডিঅ’ৰ জনপ্ৰিয় ৱেব চিৰিজ পঞ্চায়তৰ জৰিয়তে অনুৰাগীৰ হৃদয়ত স্থান লাভ কৰা অভিনেতা জিতেন্দ্ৰ কুমাৰক পুনৰ এক নতুন ৰূপত দেখিবলৈ পোৱা যাব । শীঘ্ৰেই ড্ৰাই ডে’ নামৰ ছবিত দেখা যাব জিতেন্দ্ৰ কুমাৰক যাৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে ৷ সম্পূৰ্ণ প্ৰতিবেদন পঢ়ক...

Jitendra Kumar And Shriya Pilgaonkar starrer Exciting Comedy Drama movie 'Dry Day' Trailer Released
​সম্পাদক নহয় এই নেতাৰ ৰূপত Panchayatৰ অভিনেতা জিতেন্দ্ৰ কুমাৰ

চিটাৰা ডেস্ক, 14 ডিচেম্বৰ: কোনে নাজানে OTT প্লেটফৰ্ম Amazon Prime Video ৰ জনপ্ৰিয় ৱেব ছিৰিজ 'পঞ্চায়ত'ৰ সম্পাদক অভিনেতা জিতেন্দ্ৰ কুমাৰক । নিজৰ অদ্ভুত অভিনয়ৰ দ্বাৰা সকলোৰে হৃদয়ত এক সুকীয়া স্থান গঢ়িবলৈ সক্ষম হৈছিল জিতেন্দ্ৰ কুমাৰে ৷ আপোনালোকক জনাই দিও যে, পঞ্চায়তৰ পিছত এইবাৰ জিতেন্দ্ৰই নিজৰ অনুৰাগীৰ বাবে লৈ আহিছে ‘ড্ৰাই ডে’ নামৰ এখন বিশেষ ছবি ।

সুৰা নিষেধাজ্ঞাৰ দৰে সামাজিক বিষয়ৰ ওপৰত আধাৰিত ‘ড্ৰাই ডে’ৰ ট্ৰেইলাৰ মুকলি কৰা হৈছে । এই ছবিখন চোৱাৰ পিছত এই চিনেমাখনৰ প্ৰতি আপোনাৰ আগ্ৰহ দুগুণ বৃদ্ধি পাব ।

জিতেন্দ্ৰ কুমাৰৰ 'ড্ৰাই ডে'ৰ ট্ৰেইলাৰ মুক্তি

কিছুদিন পূৰ্বে 'ড্ৰাই ডে'ৰ পোষ্টাৰ নিৰ্মাতাসকলে শ্বেয়াৰ কৰিছিল । য'ত জিতেন্দ্ৰ কুমাৰ আৰু শ্ৰিয়া পালগাঁওকৰক একেলগে দেখা গৈছিল । তেতিয়াৰ পৰাই অনুৰাগীসকল এই ছবিখনৰ ট্ৰেইলাৰৰ বাবে অতি আগ্ৰহী হৈ পৰিছিল । এনে পৰিস্থিতিত বৃহস্পতিবাৰে মুক্তি লাভ কৰিছে অভিনেতা তথা পৰিচালক সৌৰভ শুক্লাৰ ছবি ‘ড্ৰাই ডে’ৰ ট্ৰেইলাৰ ।

Amazon Prime Videoৰ অফিচিয়েল ইউটিউব চেনেলত মুকলি হৈছে এই ট্ৰেইলাৰ । ‘ড্ৰাই ডে’ৰ এই ২ মিনিট ৩৯ ছেকেণ্ডৰ ট্ৰেইলাৰটো চোৱাৰ পিছত আপুনি জানিব যে এই ছবিখনৰ কাহিনীটো সুৰা নিষেধাজ্ঞাৰ ওপৰত, কিন্তু এই কাহিনীটোত কমেডী, আৱেগিক আৰু নাটকৰ সোৱাদ এনেদৰে সংযোজন কৰা হৈছে যে ই... আপোনাক যথেষ্ট আমোদ তথা মনোৰঞ্জন দিব ।

তাৰকা অভিনেতা হিচাপে জিতেন্দ্ৰ আৰু শ্ৰিয়াৰ উপৰিও এই চিনেমাখনত অনুকূল কাপুৰক গুৰুত্বপূৰ্ণ চৰিত্ৰত দেখা যাব । মুঠতে 'ড্ৰাই ডে'ৰ এই ট্ৰেইলাৰটো চাই আপুনি নিশ্চয় ভাল পাব ।

এই দিনটোত হ’ব ‘ড্ৰাই ডে’ৰ অনলাইন ষ্ট্ৰীমিং

‘ড্ৰাই ডে’ৰ ট্ৰেইলাৰ মুক্তি পোৱাৰ পিছত এতিয়া এই চিনেমাখন মুক্তিৰ বাবে অপেক্ষা কৰি আছে দৰ্শকে । আপোনালোকক জনাই দিও যে, এই ছবিখন ২০২৩ চনৰ ২২ ডিচেম্বৰত অ’টিটি প্লেটফৰ্ম আমাজন প্ৰাইম ভিডিঅ’ত অনলাইন ষ্ট্ৰীম কৰা হ’ব । বিশেষ কথাটো হ’ল পঞ্চায়ত ৱেব চিৰিজত সম্পাদকৰ ভূমিকা পালন কৰাৰ পিছত এতিয়া জিতেন্দ্ৰই নেতাৰ ভূমিকা পালন কৰা দেখা যাব ।

লগতে পঢ়ক:কিয় হঠাৎ ৰুদ্ৰমূৰ্তি ধাৰণ কৰিলে কৰণ জোহৰে ?

ABOUT THE AUTHOR

...view details