চিটাৰা ডেস্ক, ২৯ ডিচেম্বৰ: শেহতীয়াকৈ পুনৰ বিবাহপাশত আৱদ্ধ হৈছে মালাইকা অৰোৰাৰ প্ৰাক্তন স্বামী তথা অভিনেতা অৰবাজ খান ৷ চেলিব্ৰিটি মেকআপ আৰ্টিষ্ট শূৰা খানৰ সৈতে দ্বিতীয়বাৰৰ বাবে বিবাহপাশত আৱদ্ধ হয় অভিনেতাগৰাকীয়ে ৷ কিন্তু অৰবাজৰ বিয়াৰ পিচতে এতিয়া সকলোৰে মনলৈ আহিছে, মালাইকা অৰোৰা কেতিয়া বিবাহপাশত আৱদ্ধ হ’ব ? এতিয়া এইক্ষেত্ৰত প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে খোদ মালাইকাই ৷ পুনৰ বিবাহপাশত আৱদ্ধ হ’বলৈ সাজু হৈছে মালাইকা ৷ অৱশ্যে এই কথা আমি কোৱা নাই, অভিনেত্ৰীগৰাকীয়ে নিজেই ইয়াৰ ইংগিত দিছে ‘ঝলক দিখলা জা ১১’ ৰিয়েলিটি শ্ব’ত ।
আচলতে মালাইকাক ‘ঝলক দিখলা জা ১১’ ত আঁত ধৰোতাৰ ৰূপত দেখা পোৱা যায় । শেহতীয়াকৈ ফাৰাহ খান শ্ব’টোত উপস্থিত হৈছিল আৰু মালাইকাৰ সৈতে তেওঁ বহু কথাত আনন্দ কৰা দেখা গৈছে । ইয়াৰ প্ৰ’ম’ও মুকলি কৰিছে নিৰ্মাতাই ।
প্ৰ’ম’টোত ফাৰাহ খানে মালাইকা অৰোৰাক বিবাহ সম্পৰ্কে সুধিছিল প্ৰশ্ন । তেওঁ মালাইকাক প্ৰশ্ন কৰে, ‘‘মালাইকা, ২০২৪ চনত আপুনি একক অভিভাৱক-অভিনেত্ৰীৰ পৰা যুগ্ম অভিভাৱক তথা অভিনেত্ৰীলৈ সলনি হ’ব নেকি ? এই কথা শুনি মালাইকাই কয়,‘‘মানে মই কাৰোবাক তুলি ল’ব লাগিব ? ইয়াৰ অৰ্থ কি ?’’ তেতিয়া ‘ঝলক দিখলা জা ১১’ৰ হোষ্ট গৌহৰ খানে কয়, ‘‘ইয়াৰ মানে হৈছে আপুনি বিবাহপাশত আৱদ্ধ হ’ব নেকি ?’’