অসম

assam

By ETV Bharat Assamese Team

Published : Aug 28, 2023, 7:16 PM IST

ETV Bharat / entertainment

Ramaiya Vastavaiya Song teaser: জৱানৰ ট্ৰেইলাৰৰ বাবে অপেক্ষাৰত অনুৰাগীৰ বাবে শ্বাহৰুখ খানে লৈ আহিছে এই ডাঙৰ চাৰপ্ৰাইজ

পাঠানৰ পিচত এতিয়া সকলোৱে অপেক্ষা কৰি আছে শ্বাহৰুখ খানৰ ছবি জৱানৰ বাবে। এই ছবিখন অহা ৭ ছেপ্টেম্বৰত মুক্তি পাব । কিং খানৰ অনুৰাগীসকলে এই ছবিখনৰ ট্ৰেইলাৰৰ বাবে অপেক্ষা কৰি আছে। যদিও শ্বাহৰুখে এতিয়াও ট্ৰেইলাৰ মুকলি কৰা নাই। এতিয়া তেওঁ অনুৰাগীক এটা চাৰপ্ৰাইজ দিছে।

Jawans song not dot dot dot ramaiya vastavaiya release date out srk drops poster
জৱানৰ নতুন গীত

চিটাৰা ডেস্ক, ২৮ আগষ্ট: পাঠান ছবিখনৰ পিচতে অনুৰাগীৰ মাজত আৰু অধিক বাঢ়িছে শ্বাহৰুখ খানৰ ক্ৰেজ ৷ কিং খানৰ আহিবলগীয়া ছবি জৱানক লৈ অনুৰাগীৰ মাজত সৃষ্টি হৈছে ব্যাপক চৰ্চা ৷ ছবিখনৰ টিজাৰ আৰু বহুকেইখন পোষ্টাৰো মুকলি হৈছে ৷ ইয়াৰ পিচতে আৰু অধিক উন্মাদনা বৃদ্ধি পাইছে অনুৰাগীৰ মাজত ৷ এতিয়া অনুৰাগীয়ে অপেক্ষা কৰি আছে জৱানৰ ট্ৰেইলাৰৰ বাবে ।

অৱশ্যে এতিয়াও ট্ৰেইলাৰ মুক্তিৰ তাৰিখ ঘোষণা কৰা হোৱা নাই ৷ যদিও শ্বাহৰুখ খানে নিজেই কয় যে তেওঁ অতি সোনকালে জৱানৰ ট্ৰেইলাৰ মুকলি কৰিব । আজি অৰ্থাৎ ২৮ আগষ্টত শ্বাহৰুখৰ বহু প্ৰত্যাশিত জৱানৰ ট্ৰেইলাৰ মুকলি কৰিব বুলি খবৰ ওলাইছিল যদিও সেয়া সাফল্যমণ্ডিত নহ’ল ৷ অৱশ্য়ে ট্ৰেইলাৰ মুকলি কৰা নাই যদিও ট্ৰেইলাৰৰ সলনি শ্বাহৰুখ খানে ছবিখনৰ নতুন গীত ৰামায়া বাস্তৱায়াৰ টিজাৰ অনুৰাগীৰ সৈতে শ্বেয়াৰ কৰে ।

এইখিনিতে উল্লেখ কৰিব লাগিব যে ইয়াৰ পূৰ্বে মুক্তি পাইছিল জৱানৰ দুটা গীত। একে সময়তে শ্বাহৰুখে ট্ৰেইলাৰৰ পূৰ্বেও তৃতীয়টো গীত মুকলি কৰাৰ প্ৰস্তুতি চলাইছে । টিজাৰ শ্বেয়াৰ কৰি শ্বাহৰুখে কয় যে এই নতুন গীতটো অহা ২৯ জুলাইত মুক্তি পাব । যোৱা কেইদিনমানৰ পৰা এই গীতটিৰ চৰ্চাও ছ’চিয়েল মিডিয়াত চলি আছিল ।

শ্বাহৰুখ খানক এনাৰ্জেটিক দেখা গৈছে গীতটিৰ টিজাৰত

এই টিজাৰ ভিডিঅ’টোত শ্বাহৰুখ খানক অতি শক্তিশালী দেখা গৈছে আৰু ৰামায়া বাস্তৱায়া গীতৰ সুৰত নৃত্য কৰা দেখা গৈছে । গীতটোৰ কথাবোৰ এনেকুৱাই – প্ৰথমে কিয়া চৈয়া চৈয়া আব কাৰু তা-তা-থাইয়া, ৰামায়া বাস্তৱায়া । টিজাৰ ভিডিঅ’টোত শ্বাহৰুখ খানৰ দৰ্শনীয় নৃত্য দেখা গৈছে।

উল্লেখ্য যে, যোৱা মাহত শ্বাহৰুখে ১৯৫৫ চনত মুক্তি পোৱা নাৰ্গিছ আৰু ৰাজ কাপুৰৰ ছবি শ্ৰী ৪২০ৰ ৰামায়া বাস্তৱায়া গীতটো জৱানত বাবে পুনৰ নিৰ্মাণ কৰিব বুলি এটা খবৰ ওলাইছে । অৱশ্যে এই খবৰ এতিয়া প্ৰমাণিত হ’ল ৷ একে সময়তে এই গীতটো মুক্তিৰ বাবে সকলো সাজু হৈছে । অৱশ্যে গীতটোৰ মুক্তিৰ তাৰিখ কিং খানে জনাইছে যদিও ট্ৰেইলাৰৰ বাবে অনুৰাগীৰ অপেক্ষা আৰু অধিক দীঘলীয়া হৈছে। এতিয়া চাব লাগিব ট্ৰেইলাৰ কেতিয়া মুক্তি হয় ।

শ্বাহৰুখৰ কেৰিয়াৰৰ আটাইতকৈ মেগা বাজেটৰ ছবি

এইখন শ্বাহৰুখৰ কেৱল ২০২৩ চনৰ বহু প্ৰত্যাশিত ছবিয়েই নহয়, বাজেটৰ ক্ষেত্ৰতো শ্বাহৰুখ খানৰ কেৰিয়াৰৰ আটাইতকৈ ব্যয়বহুল ছবি বুলি ক’ব পাৰি । এই ছবিখনৰ বাজেট প্ৰায় ৩০০ কোটি টকা বুলি কোৱা হৈছে । নয়নতাৰা, দীপিকা পাডুকন আৰু বিজয় সেতুপথিকো দেখা যাব ছবিখনত ।

লগতে পঢ়ক:Jawan Trailer Release: অন্ত পৰিল অনুৰাগীৰ অপেক্ষাৰ ! জৱানৰ ট্ৰেইলাৰৰ সন্দৰ্ভত ডাঙৰ খবৰ

ABOUT THE AUTHOR

...view details