অসম

assam

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 10:04 AM IST

ETV Bharat / entertainment

Shah rukh khan tweet: জৱানৰ পুৱতি নিশাৰ শ্ব’ৰ বাবে অনুৰাগীৰ সৈতে সাৰে থাকিল কিং খান

পৰিচালক এটলীৰ পৰিচালনাত নিৰ্মিত জৱান আজি ছবিগৃহত মুক্তি লাভ কৰিছে । শ্বাহৰুখ খানৰ অভিনীত ছবি জৱানৰ বাবে দেশৰ বহু ৰাজ্যত পুৱাৰ ভাগত শ্ব’ আৰম্ভ হৈছে । ছবিখন চাবলৈ পুৱাৰ ভাগতে ছবিগৃহত উপস্থিত হৈছে অভিনেতাগৰাকীৰ অনুৰাগী । এতিয়া শ্বাহৰুখ খানে এই সন্দৰ্ভত এটা টুইট কৰিছে ৷

Jawan release SRKs special tweet for fans ahead of movie early morning show
শ্বাহৰুখ খানৰ টুইট

চিটাৰা ডেস্ক, ৭ ছেপ্টেম্বৰ: শ্বাহৰুখ খানৰ অভিনীত বহু প্ৰত্যাশিত ছবি ‘জৱান’কলৈ সম্প্ৰতি দেশজুৰি চৰ্চা চলিছে ৷ আজিৰ পৰা অৰ্থাৎ ৭ ছেপ্টেম্বৰৰ পৰা ছবিগৃহত মুক্তি লাভ কৰিছে ‘জৱান’ । অভিনেতাজনৰ অনুৰাগীৰ মাজত এই ছবিখনৰ মুক্তিক লৈ যি উৎসাহ দেখা গৈছে সেয়া কোনো উৎসৱতকৈও কম নহয় ।

‘জৱান’ৰ বাবেই দেশৰ বহু ৰাজ্যত পুৱাৰে পৰা প্ৰথম শ্ব’ আৰম্ভ হৈছে ৷ পুৱাই এই ছবিখন উপভোগ কৰিবলৈ শ শ অনুৰাগী উপস্থিত হৈছে ছবিগৃহত আৰু নিজৰ প্ৰিয় অভিনেতাৰ ছবিখনৰ বাবে ক্ৰেজ প্ৰকাশ কৰিছে ৷ ইফালে অনুৰাগীৰ ক্ৰেজ দেখি পুৱাৰ নিশাই টুইটযোগে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে শ্বাহৰুখ খানে ।

শ্বাহৰুখ খানৰ হৃদয় জয় কৰিলে অনুৰাগীয়ে

‘জৱান’ মুক্তিৰ দিনা পুৱতি নিশা শ্বাহৰুখ খানে নিজৰ অফিচিয়েল টুইটাৰ হেণ্ডেলত এটা টুইট কৰিছে । এই টুইটত কিং খানে এটা ভিডিঅ’ সন্নিবিষ্ট কৰিছে, যিটো ভিডিঅ’ত দেখা গৈছে অনুৰাগীৰ ক্ৰেজ । এই ভিডিঅ’টোত স্পষ্টকৈ দেখা গৈছে যে, অভিনেতাগৰাকীৰ ফেন পেজ শ্বাহৰুখ ইউনিভাৰ্ছ ফেন ক্লাবৰ সদস্যসকলে ছবিখনৰ পুৱাৰ শ্ব’ৰ পূৰ্বে বৃহৎ সংখ্যকে হাতত ‘জৱান’ৰ বেনাৰ ধৰি অভিনেতাজনৰ চিনেমাখনৰ প্ৰচাৰ কৰা দেখা গৈছে ৷ লগতে পুৱাৰ প্ৰথম শ্ব’টো উদযাপন কৰা দেখা গৈছে ।

এই ভিডিঅ’টোৱে শ্বাহৰুখ খানৰ হৃদয় জয় কৰিছে ৷ যাৰ বাবে কিং খানে টুইটত লিখিছে, ‘‘যুৱক-যুৱতীসকল আপোলোকলৈ বহুত মৰম, আশাকৰোঁ আপোনালোকে মনোৰঞ্জন সম্পূৰ্ণৰূপে উপভোগ কৰিব । আপোনালোকক পুৱাই থিয়েটাৰলৈ যোৱা দেখিবলৈ ময়ো গোটেই নিশা সাৰে আছিলো । বহুত মৰম আৰু ধন্যবাদ ।’’ এইদৰেই শ্বাহৰুখ খানে গভীৰ নিশা সাৰ পাই নিজৰ অনুৰাগীৰ শলাগ লৈছে ৷ কিং খানৰ অনুৰাগীৰ এই ভিডিঅ’টো ছ’চিয়েল মিডিয়াত বহুত লাইক লাভ কৰিছে ।

‘পাঠান’ৰ পিচত ‘জৱান’ত অভিলেখ শ্বাহৰুখৰ

এইবছৰৰ গণৰাজ্য দিৱস উপলক্ষে শ্বাহৰুখ খানৰ ছবি ‘পাঠান’ মুক্তি লাভ কৰিছিল ৷ মুক্তিৰ পূৰ্বে ছবিখন বিতৰ্কৰ আৱৰ্তত সোমাই পৰিছিল যদিও মুক্তিৰ পিচত ছবিখন বক্স অফিচত ব্লকবাষ্টাৰ ৰূপে পৰিগণিত হৈছিল ৷

এতিয়া শ্বাহৰুখ খানৰ বছৰটোত দ্বিতীয়টো মেগা বাজেটৰ ছবি হৈছে ‘জৱান’ ৷ মুক্তিৰ পূৰ্বেই জৱানক লৈ অনুৰাগীৰ ক্ৰেজ দেখা পোৱা গৈছিল ৷ এতিয়া মুক্তিৰ পিচত ছবিখনক সকলোৱে প্ৰশংসা কৰিছে আৰু এই ছবিখনো ব্লকবাষ্টাৰ হ’ব বুলি অনুমান কৰা হৈছে ৷

লগতে পঢ়ক:Fans reaction on Jawan: শ্বাহৰুখ খানৰ ছবি চাই ছবিগৃহতে নৃত্য কৰিলে একাংশই, লগতে ক’লে ‘জৱান ব্লকবাষ্টাৰ’

ABOUT THE AUTHOR

...view details