অসম

assam

By ETV Bharat Assamese Team

Published : Sep 7, 2023, 1:12 PM IST

ETV Bharat / entertainment

Jawan: জৱানৰ প্ৰথমটো শ্ব’ পত্নী কৃষ্ণা প্ৰিয়াৰ সৈতে উপভোগ কৰিলে ছবিখনৰ পৰিচালক এটলীয়ে

অৱশেষত ৭ ছেপ্টেম্বৰত দেশজুৰি মুক্তি পালে শ্বাহৰুখ খানৰ বহু প্ৰত্যাশিত ছবি ‘জৱান’। আনহাতে, জৱানৰ চলচ্চিত্ৰ নিৰ্মাতা এটলীয়েও পত্নী প্ৰিয়াৰ সৈতে ছবিখনৰ প্ৰথম দিনৰ প্ৰথম শ্ব’ উপভোগ কৰিলে ।

'Jawan fever': Twinning in white, Atlee catches first show of SRK starrer with wife Priya
কৃষ্ণা প্ৰিয়াৰ সৈতে জৱান চালে পৰিচালক এটলীয়ে

চিটাৰা ডেস্ক, 7 ছেপ্টেম্বৰ: বলীউডৰ কিং শ্বাহৰুখ খানে পুনৰবাৰ নিজৰ নতুন ছবিৰে চিনেমাগৃহত আলোড়নৰ সৃষ্টি কৰিছে । অৱশেষত 7 ছেপ্টেম্বৰত সমগ্ৰ দেশতে মুক্তি লাভ কৰিলে তেওঁৰ বহু প্ৰত্যাশিত ছবি ‘জৱান’। ছবিখনক লৈ অনুৰাগীৰ মাজত আচৰিত ধৰণৰ উন্মাদনা দেখা গৈছে ।

এফালে মানুহে জন্মাষ্টমী উৎসৱ উদযাপন কৰি থকাৰ সময়তে আনফালে অনুৰাগীয়ে শ্বাহৰুখৰ ছবিখনক উদযাপন কৰিছে । আনকি নিশাৰ পৰাই অনুৰাগীয়ে ঢোল লৈ থিয়েটাৰৰ বাহিৰত সৃষ্টি কৰিছে উৎসৱমুখৰ পৰিৱেশ ৷ পুৱা 5 বজাৰ পৰা আৰম্ভ হৈছিল ছবিখনৰ প্ৰথমটো শ্ব’ ৷ নিশা টোপনি ক্ষতি কৰি হ’লেও অনুৰাগীয়ে পুৱাই কিং খানৰ এই ছবিখন উপভোগ কৰিবলৈ ছবিগৃহত ভিৰ কৰে ৷

ইফালে পত্নী প্ৰিয়াৰ সৈতে ছবিখনৰ প্ৰথমটো শ্ব’ চালে জৱানৰ পৰিচালকে

‘জৱান’ ছবিখন নিৰ্মাণ কৰা নিৰ্মাতা এটলীয়েও ছবিখনৰ প্ৰথম দিনৰ প্ৰথমটো শ্ব’ চাইছে । পৰিচালকজনে পত্নী কৃষ্ণা প্ৰিয়াৰ সৈতে চেন্নাইৰ এখন ছবিগৃহত এই ছবিখন উপভোগ কৰে ৷ কৃষ্ণা প্ৰিয়াই নিজৰ ইনষ্টাগ্ৰাম একাউণ্টত ইয়াৰ এখন ছবি শ্বেয়াৰ কৰিছে। ফটোখন শ্বেয়াৰ কৰি তেওঁ কেপচনত লিখিছে, ‘ছবিখনৰ প্ৰথম দিনৰ প্ৰথম শ্ব’ চাবলৈ গৈ আছো ।’

জৱানে সলনি কৰিলে ইতিহাস

উল্লেখ্য যে, 'জৱানে' মুক্তিৰ লগে লগে হিন্দী চিনেমাৰ ইতিহাস সলনি কৰিছে । কিয়নো বলীউডৰ প্ৰায়বোৰ ছবিৰ প্ৰথম দিনৰ শ্ব’ প্ৰায় ৯ বজাৰ পৰা আৰম্ভ হয় । কিন্তু জৱানৰ শ্ব’বোৰ পুৱা ৫ বজাৰ পৰাই আৰম্ভ হৈছে ।

প্ৰথম দিনৰ বক্স অফিচ সংগ্ৰহে গঢ়িব পাৰে অভিলেখ

ছবিখন মুক্তিৰ পূৰ্বে অনুমান কৰা হৈছিল যে ভাৰতত ছবিখনে প্ৰথম দিনা 65 কোটি টকা সংগ্ৰহ কৰিব পাৰে ৷ কিন্তু এই আনুমানিক সংখ্যা ইতিমধ্যেই ভংগ কৰিছে জৱানে ৷ ইতিমধ্যেই বক্স অফিচত 75 কোটি টকাৰ সংখ্যা পাৰ কৰিছে ছবিখনে ৷ অৱশ্যে মুঠ সংগ্ৰহ এতিয়ালৈকে অহা নাই যদিও এইখিনিৰ পৰা ক’ব পাৰি যে ছবিখনে গোটেই বিশ্বজুৰি 100 কোটিৰ টকাৰ ওপৰত সংগ্ৰহ কৰিব ৷

লগতে পঢ়ক:Shah rukh khan tweet: জৱানৰ পুৱতি নিশাৰ শ্ব’ৰ বাবে অনুৰাগীৰ সৈতে সাৰে থাকিল কিং খান

ABOUT THE AUTHOR

...view details