চিটাৰা ডেস্ক, 7 ছেপ্টেম্বৰ: আজি ছবিগৃহত মুক্তি লাভ কৰিছে বলীউডৰ কিং শ্বাহৰুখ খানৰ ২০২৩ বৰ্ষৰ আটাইতকৈ প্ৰত্যাশিত ছবি ‘জৱান’। ছবিখনে প্ৰথম দিনাই দৰ্শকৰ পৰা ভাল সঁহাৰি লাভ কৰাৰ লগতে প্ৰশংসাও লাভ কৰিছে ৷ জৱান ছবিখন পৰিচালনা কৰিছে দক্ষিণৰ অতি জনপ্ৰিয় পৰিচালক এটলীয়ে । এটলীক দক্ষিণ চলচ্চিত্ৰ উদ্যোগৰ এক সৃষ্টিশীল শক্তি হিচাপে গণ্য কৰা হয় । কল্পনাপ্ৰসূত কাহিনী কোৱা আৰু ব্যতিক্ৰমী পৰিচালনাৰ বাবে তেওঁক দক্ষিণৰ শ্ৰেষ্ঠ পৰিচালক হিচাপে গণ্য কৰা হয় আৰু এই কাৰণেই তেওঁৰ চাহিদাও বেছি । প্ৰতিখন ছবিৰ বাবে এটলীয়ে কোটি কোটি টকা লয় । গতিকে এই প্ৰতিবেদনত জানো আহক জৱানৰ পৰিচালকৰ মুঠ সম্পত্তিৰ পৰিমাণৰ বিষয়ে ।
‘জৱান’ৰ পৰিচালক এটলীৰ মুঠ সম্পত্তি কিমান ?
জৱানৰ পৰিচালক এটলীৰ আচল নাম অৰুণ কুমাৰ । ২০১৩ চনত ৰাজা ৰাণী ছবিৰ জৰিয়তে চলচ্চিত্ৰ জগতত আত্মপ্ৰকাশ কৰিছিল । এটলীৰ পৰিচালনাত নিৰ্মিত বিগিল ছবিখন ব্লকবাষ্টাৰ হৈছিল আৰু ছবিখনে ২০০ কোটিৰ সীমা অতিক্ৰম কৰিছিল । এতিয়া এটলীৰ শেহতীয়া পৰিচালনামূলক ছবি জৱানেও অভিলেখ ভংগ কৰাৰ সম্ভাৱনা আছে । এটলীৰ মুঠ সম্পত্তিৰ কথা ক’বলৈ গ’লে সংবাদ মাধ্যমৰ অনুসৰি ‘জৱান’ৰ পৰিচালকজনৰ মুঠ সম্পত্তিপ্ৰায় ৪২ কোটি টকা ।