চিটাৰা ডেস্ক, ২২ ছেপ্টেম্বৰ: মুক্তিৰ পিচতে বক্স অফিচত ধুমুহাৰ সৃষ্টি কৰিছে শ্বাহৰুখ খানৰ ছবি জৱানে । মুক্তিৰ ১৫ দিনত ভাৰতত ৫০০ কোটি টকাৰ সীমা অতিক্ৰম কৰিছে ছবিখনে । জৱানৰ উপাৰ্জন এতিয়া অব্যাহত আছে বক্স অফিচত আৰু অতি সোনকালে এই ছবিখনে বহু ছবিৰ অভিলেখ ভংগ কৰাত সফল হ’ব । ইফালে আজি প্ৰকাশ পাইছে জৱানৰ ১৬ দিনৰ বক্স অফিচ সংগ্ৰহ ৷ উইকেণ্ডৰ দিনকেইটাত ছবিখনে অলপ কম সংগ্ৰহ লাভ কৰিছে যদিও ছুটিৰ দিনকেইটাত ভাল ব্যৱসায় কৰি আছে।
চলিত বৰ্ষৰ এই পৰ্যন্ত শ্বাহৰুখ খানৰ ছবি দুখন মুক্তি পোৱাৰ লগতে দুয়োখন ছবিয়েই ব্লকবাষ্টাৰ হৈছে। চলিত বৰ্ষৰ আৰম্ভণিতে মুক্তি পোৱা পাঠানে প্ৰথমে ভংগ কৰিছে বহু অভিলেখ আৰু এতিয়া জৱানে শীঘ্ৰে অভিলেখ ভংগ কৰাৰ পথত। ইয়াৰ পিচত এইখন বছৰৰ সৰ্বাধিক উপাৰ্জন কৰা ছবি হিচাপে পৰিগণিত হ’ব ।
১৬ দিনত কিমান হ’ল বক্স অফিচ সংগ্ৰহ কিমান ?
সপ্তাহৰ বাকী দিনকেইটাত জৱানে ভাল সংগ্ৰহ কৰি আছিল যদিও বন্ধৰ দিনটোত ছবিখনৰ উপাৰ্জনৰ উত্থান ঘটে । SACNILC ৰ প্ৰতিবেদন অনুসৰি ১৬ দিনত জৱানে সংগ্ৰহ কৰিছে ৭ কোটি টকা। ইয়াৰ লগে লগে মুঠ সংগ্ৰহ হয়গৈ ৫৩৩.৭৮ কোটি টকা । এই ছবিখনে উপাৰ্জনৰ ক্ষেত্ৰত গদৰ ২ ক পিছ পেলাবলৈ সক্ষম হৈছে ।