চিটাৰা ডেস্ক, ১২ ছেপ্টেম্বৰ: ৭ ছেপ্টেম্বৰত ছবিগৃহত মুক্তি লাভ কৰিছে বলীউডৰ ছুপাৰষ্টাৰ শ্বাহৰুখ খানৰ বহু প্ৰত্যাশিত ছবি জৱান ৷ ছবিখনৰ মুক্তিৰ লগে লগে বক্স অফিচত দেখুৱাইছে ভাল ফলাফল । কেৱল ভাৰততে নহয়, সমগ্ৰ বিশ্বতে আদিপত্য বিস্তাৰ কৰিছে জৱানে । ছবিখনৰ মুক্তিৰ পিচতে আৰু অধিক বাঢ়ি গৈছে শ্বাহৰুখৰ ফেন ফ’ল’য়িং ৷ ছবিখনত শ্বাহৰুখ খানৰ অভিনয়ক অনুৰাগীৰ পৰা তাৰকালৈকে সকলোৱে প্ৰশংসা কৰিছে ৷
কেৱল শ্বাহৰুখৰ অভিনয়েই নহয়, সকলোৱে ছবিখনৰ, পৰিচালক আৰু অন্য তাৰকাৰো প্ৰশংসা কৰিছে । ইফালে মুক্তিৰ মাত্ৰ পাঁচ দিনতে ছবিখনে বিশ্বজুৰি বক্স অফিচত ৫০০ কোটি টকা অতিক্ৰম কৰিছে । আনহাতে ভাৰতীয় বক্স অফিচতে ছবিখনে ৩০০ কোটি টকাৰ ক্লাবত যোগদান কৰি হিন্দী চিনেমাৰ বাবে ইতিহাস ৰচনা কৰিছে ।
ছেকনিল্কৰ মতে, ভাৰতত মুকলিৰ দিনা জৱানে ৭৫ কোটি টকা সংগ্ৰহ কৰিছে । দ্বিতীয় দিনা বক্স অফিচত ৫৩.২৩ কোটি আৰু ৩য় আৰু ৪ৰ্থ দিনত ৭৭.৮৩ কোটি আৰু ৮০.১ কোটি টকা সংগ্ৰহ কৰে । ৫ম দিনত ছবিখনে ৩০.৫ কোটি টকা উপাৰ্জন কৰে । আনহাতে ষষ্ট দিনত ছবিখনে ডাঙৰ সংখ্যা উপাৰ্জন কৰিব পাৰে বুলি কোৱা হয় । প্ৰাথমিক হিচাপ অনুসৰি ছবিখনে ষষ্ঠ দিনত ২৭.৫৬ কোটি টকা সংগ্ৰহ কৰিব পাৰে । যদি এনে হয় তেন্তে ছবিখনৰ মুঠ ৰাজহ হ’বগৈ ৩৪৪.২২ কোটি টকা ।